অসমনলবাৰী

বৰক্ষেত্ৰীৰ ৰামপুৰত আঞ্চলিক জাতীয় বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ: নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ৰামপুৰস্থিত আঞ্চলিক জাতীয় বিদ্যালয়ৰ একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনেৰে একাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী আৰম্ভ হয়৷ পতাকা উত্তোলন কৰে বিদ্যালয়খনৰ সম্পাদক ডালিম উদ্দিন আহমেদে । পুৱা ৮:৩০ বজাত শ্বহীদ তৰ্পণ কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য আইনুল হকে আৰু বন্তি প্ৰজ্বলন কাৰ্যসূচী মুকলি কৰে নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সম্পাদক চেলিম মালিকে। বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সদস্য ক্ৰমে ছহিদ আলী আহমেদ আৰু অতুল কলিতাই। ইয়াৰ পিছতেই ৯:৩০ বজাত বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে বিদ্যালয়খনৰ মুখ্য উপদেষ্টা তমিজ উদ্দিন আহমেদে। আহমেদে সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰি কয় যে ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন জাতি-জনগোষ্ঠীৰ বিষয়ে এই শোভাযাত্ৰাৰ জৰিয়তে ধাৰণা দিব বিচৰা হৈছে। অসমীয়া ভাষা-সংস্কৃতি আগুৱাই যাবলৈ আৰু টনকিয়াল হ’বলৈ ছাত্ৰ-ছাত্ৰীসকলে অসমৰ বাৰেৰহণীয়া সংস্কৃতিৰ কথা জানিবই লাগিব আৰু অসম যে অনক্যৰ মাজত ঐক্য সেই ধাৰণা এই সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক দিবলৈ চেষ্টা কৰা হৈছে।সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া জনজীৱনৰ বৰ্ণিল সংস্কৃতিসমূহ দাঙি ধৰাৰ প্ৰয়াস কৰে।বিহু, ঝুমুৰ, জিকিৰ, বড়ো, মাছমৰীয়া, কৃষক, দৰা-কইনা, শিৱ , আদিবাসী সংস্কৃতি আদিৰ ৰূপ দেখুওৱা সাংস্কৃতিক শোভাযাত্ৰাই দৰ্শকৰ মন মুহিবলৈ সক্ষম হয়।বিদ্যালয়খনৰ শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ পৰিচালনাত এই শোভাযাত্ৰা অনুষ্ঠিত হয়। বিয়লি ০২ বজাৰ পৰা বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি গোলক নাথৰ সভাপতিত্বত মুকলি সভা অনুষ্ঠিত হয়। মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে তাৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক যাদৱ চন্দ্ৰ খাটনিয়াৰ, আমন্ত্ৰিত অতিথি হিচাপে পেৰাধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৰত্নেশ্বৰ নাথ, চেঙা প্ৰাথমিক শিক্ষা খণ্ডৰ অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ইলিয়াছ আলী, ৰামপুস্থিত আঞ্চলিক জুনিয়ৰ কলেজৰ উপাধ্যক্ষ সুশান্ত বৰ্মনৰ উপৰিও জনতা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক তথা আঞ্চলিক জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ৰমাকান্ত গোস্বামী, বিশিষ্ট অভিনেতা-নাট্যকাৰ উদয় বৰ্মন আৰু ৰামপুৰ বালিকা বিদ্যালয়ৰ সহকাৰী শিক্ষক মুনীন্দ্ৰ বৰ্মন উপস্থিত থাকে।
উল্লেখ্য যে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উন্নত ফলাফল দেখুৱাই আহিবলৈ সক্ষম হৈছে।

Related Articles

Leave a Reply

Close