অসমনলবাৰী

বৰক্ষেত্ৰীৰ ৰামপুৰত পত্নীক এচিড ঢালি হত্যা কৰিবলৈ অপচেষ্টা কৰা স্বামী আৰক্ষীৰ জালত

প্ৰথম খবৰ,চেঙাঃ নলবাৰী জিলাৰ ৰামপুৰত পত্নীক এচিড ঢালি হত্যা কৰিবলৈ চেষ্টা কৰা ঘটনাই সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিজৰ পত্নীক এচিড ঢালি হত্যা কৰিবলৈ বিচৰা এইজন লম্পট স্বামীৰ হৈছে বাতচু আলী(৩২)। যোৱানিশা বিশেষ সূত্ৰৰ পম খেদি দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জগানন্দ বড়োৰ নেতৃত্বত যোৱা এদল আৰক্ষী আৰু তদন্তকাৰী বিষয়া জয়ন্ত গোস্বামীয়ে অভিযুক্ত বাতচু আলীক পত্নীৰ এজাহাৰ ভিত্তিত ৰামপুৰৰ পৰা আটক কৰিবলৈ সক্ষম হয়। ঘটনা সংঘটিত হোৱাৰ পিছৰ পৰাই বাতচু আলী পলাতক আছিল বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, দুটা সন্তানৰ মাতৃ তথা বাতচু আলীয়ে নিজৰ পত্নীক যোৱা ২০ ফেব্ৰুৱাৰীত ৰামপুৰত থকা ভাৰাঘৰত মাৰপিট কৰাৰ উপৰিও এচিড ঢালি হত্যা কৰাৰ চেষ্টা কৰা বুলি নিজৰ পত্নীয়ে অভিযোগ তুলি দৌলাশাল আৰক্ষী চকীত স্বামী বাতচু আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল। বাতচু আলীয়ে পত্নীক মাৰপিট কৰি এচিড ঢালি হত্যা কৰিবলৈ চেষ্টা কৰাৰ সময়তে ওচৰত থকা ভাৰাতীয়াই পত্নীগৰাকীক বাতচু আলীৰ কবলৰ পৰা ৰক্ষা কৰে। পিছত বাতচু আলীয়ে পত্নীক দুগৰাকী কন্যা সন্তানসহ ঘৰৰ পৰা উলিয়াই দিয়ে। বৰ্তমান বাতচু আলীৰ পত্নীয়ে সন্তানসহ চেঙাৰ ৰৌমাৰী পাথাৰত থকা মাতৃগৃহত থাকিবলৈ লৈছে। সম্প্ৰতি নিৰাপত্তা হীনতাত ভোগা এইগৰাকী মহিলাক বিয়াৰ পিছৰ পৰাই স্বামী বাতচু আলীয়ে যৌতুক দাবী কৰি প্ৰায়েই মাৰধৰ কৰা বুলি অভিযোগ উঠিছে। গাড়ী চলাই জীৱন নিৰ্বাহ কৰা বাতচু আলীৰ ঘৰ নলবাৰীৰ বৰক্ষেত্ৰীৰ ১নং লাৰকুছিত কিন্তু বাতচু আলীয়ে ৰামপুৰত ভাৰাঘৰত থাকিবলৈ লৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close