অসম

বৰগাংত শিশু নিৰ্যাতন ৰাজনৈতিক নেতা আৰু মাতৃৰ 

প্ৰথম খবৰ, বৰগাং:
বিশ্বনাথ জিলাৰ অন্তৰ্গত বিহালীত পোহৰলৈ আহিছে এক শিশু নিৰ্যাতনৰ ঘটনা ৷ বিহালীত সংঘটিত এই শিশু নিৰ্যাতনত সাঙোৰ খাই পৰিছে এগৰাকী হাইপ্ৰ’ফাইল নেতাসহ এগৰাকী বৃদ্ধাৰ নাম ৷ জানিব পৰা মতে, বৃহস্পতি বাৰৰ নিশা প্ৰায় ৮ মান বজাত বিহালীৰ বৰগাং আৰক্ষী চকীৰ অন্তৰ্গত বৰকঠীয়াবাৰীৰ ৰাজপথত এটি ৮ বছৰীয়া মাতৃহাৰা কনমানি শিশুক সামান্য এটা ভুলৰ বাবে নাঙঠ কৰি পৰিভ্ৰমন কৰাই শাস্তি  প্ৰদান কৰিছিল এজন  ব্যক্তিয়ে ৷ বিগত ২০১০ চনৰ বিধান সভা নিৰ্বাচনৰ  ৰাজনৈতিক দল এআইইউডিএফৰ পৰা বিহালী সমষ্টিত প্ৰতিনিধিত্ব কৰা মলয় দাস নামৰ ব্যক্তি জনৰ লগতে দাসৰ মাতৃয়ে আজি বিহালীৰ বৰগাংত সংঘটিত কৰে এই  শিশু নিৰ্যাতন কাণ্ড ৷ ৰাজপথত এটি ফুলকুমলীয়া কণমানি শিশুক ৰাজহুৱাকৈ  নিৰ্যানত কৰা ঘটনাই বিহালীত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য -প্ৰতিক্ৰিয়া ৷
ইফালে, বিহালীৰ নেতা পৰিয়ালৰ শিশু নিৰ্যাতনৰ ঘটনা সম্পৰ্কে বৰগাং আৰক্ষী চকীৰ আৰক্ষী বিষয়া ৰাজু দুৱৰাই খবৰ লাভ কৰি নিৰ্যাতনৰ বলি হৈ থকা কনমানিটোক উদ্ধাৰ কৰি নাঙঠ শিশুটোক বস্ত্ৰ ক্ৰয় কৰি মানৱতাৰ নিদৰ্শন ডাঙি ধৰে ৷ সমান্তৰালভাৱে, ইতিমধ্যে বৰগাং আৰক্ষীয়ে চাঞ্চল্যকৰ ঘটনাৰ সন্দৰ্ভত এক গোচৰ ৰুজু কৰাৰ উপৰিও মলয় দাস আৰু দাসৰ মাতৃক সোধ পোছ কৰিছে বুলি জানিব পৰা গৈছে ৷

Related Articles

Leave a Reply

Close