শেহতীয়া
Home / অসম / বৰজানত নৃশংস হত্যাকাণ্ড,দুৰ্বৃত্তই প্ৰাণ ল’লে বৃদ্ধ দম্পত্তিৰ

বৰজানত নৃশংস হত্যাকাণ্ড,দুৰ্বৃত্তই প্ৰাণ ল’লে বৃদ্ধ দম্পত্তিৰ

মেৰাপানীৰপৰা দিপু মেচ,প্ৰথম খবৰ: যোৱা নিশা সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডই গোলাঘাট জিলাৰ জামুগুৰি বৰজানত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ। অকলশৰে বাস কৰা পোণা দত্ত আৰু দিপালী দত্ত নামৰ বৃদ্ধ দম্পত্তিহালক অচিনাক্ত দুৰ্বৃত্তই চোকা অস্ত্ৰৰে হত্যা কৰি থৈ যায়। আজি পুৱা আঠমান বজাত চুবুৰীয়া লোকে পদূলিমূৰত বৃদ্ধা দিপালী দত্তৰ আৰু ঘৰৰ ভিতৰত পোণা দত্তৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। বাসগৃহৰ দুৱাৰ বা কোনো সা-সম্পত্তিৰ হানি বিঘিনি নোহোৱাৰ লগতে বিস্কুট সহ চাহ দি থোৱালৈ প্ৰত্যক্ষ কৰি এই কাণ্ড পৰিচিত লোকেই এই হত্যাকাণ্ড সংঘটিত কৰা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ইতিমধ্যে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অনুসন্ধান আৰম্ভ কৰিছে। পূৰ্বতেও উক্ত অঞ্চলত এনেদৰেই  বৃদ্ধ দম্পত্তিৰ এক হত্যাকাণ্ডৰ হত্যা কাৰীৰ কোনো শুং সূত্ৰ লাভ নকৰাৰ স্মৃতি সোৱৰণ কৰি স্থানীয় লোকসকল আতংকিত হৈ পৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*