শেহতীয়া
Home / সাহিত্য / কবিতা / ভেলেন্টাইন

ভেলেন্টাইন

কৃষ্ণাংগ সাউদ

তোমাক কথাষাৰ কৈ দিও বুলি

পুৱাৰে পৰা কলেজ গেটৰ সন্মুখত

ঠিয় দি ৰলো৷

ৰমিঅ’ মই, দেখাজনৰ মনত

প্ৰেমিক পাগল৷

হাঃহাঃহাঃ

কওঁক পাগল নতুবা আৰু কিবা

মই যে বলিয়া মাথো তোমাৰ নামত ৷

দুৰৈৰ পৰা দেখিলো তুমি

একেদৰেই উজলিছা ৷

তোমাৰ ওঁঠৰ হাঁহিটোৱে ঘায়ল কৰি পেলালে

নিমিষতে৷

বাট্চাৰ নিচিনা দিলটোত এতিয়া তোমাক পোৱাৰ বাবে

হাহাকাৰ,প্ৰেমৰ ৰাগিত চিৎকাৰ৷

প্ৰস্তাৱ সন্মতিত হৃদয়ত তোমালৈ মাথো

প্ৰেম ভালপোৱাৰ জোৱাৰ!

কোনো স্পেচিয়েল ডে’ নাছিল আমাৰ বাবে

লগ পালেই হ’ল মুঠতে

প্ৰতিটো পল প্ৰতিটো ক্ষণ

ভেলেন্টাইন বা etc etc etc.

Yes we made for each other only.

 

পাগল হৈছিলো পুনৰ

তোমাৰ ঘৰত মানি নোলোৱাত মোক৷

দুখ নকৰি কথা দিছিলো তোমাক

লৈ যাম পলুৱাই!তুমিও মোৰ সুৰত

সুৰ মিলাইছিলা একেদৰে!

ভাল পোৱা আছিল বাবেই দুটা জীৱনক

এটি ৰূপ আঁকি দিছিলো মৰমেৰে৷

এতিয়াও য’ত মৰম আৰু ভালপোৱাৰে

হৃদয়ৰ ভৰাল সম্পূৰ্ণ হৈ আছে

থাকিব৷

আজিও আমাৰ প্ৰতিটো দিন

ভেলেন্টাই নতুবা অইন কিবা৷

মইযে তোমাৰ কপালত সেন্দুৰীয়া৷

আৰু তোমাৰ সেই একেটা হাঁহিতেই

মই আজিও পাগল

আজিও বলিয়া৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*