শীৰ্ষৰাষ্ট্ৰীয়

ভোটগ্ৰহণৰ ৪৮ ঘণ্টাৰ পূৰ্বে বন্ধ কৰিব লাগিব সকলো নিৰ্বাচনী প্ৰচাৰঃ অভিজিৎ সিনহা 

ঊষা জিলাৰ পৰা অজয় শইকীয়া, নগাবাটঃ 
ক্ৰয়োদশ নগালেণ্ড বিধান সভা নিৰ্বাচনলৈ মাজত মাথো দুটা দিন। ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হব লগা এই নিৰ্বাচনৰ বাবে বৰ্তমান সকলো ৰাজনৈতিক দলৰে প্ৰচাৰ তুংগত উঠিছে। সমান্তৰালকৈ নগালেণ্ডৰ মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই ৰাজ্যখনত স্বচ্ছ আৰু শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত কৰাৰ লক্ষ্যৰে নিৰ্বাচন আয়োগৰ আচৰণ বিধি কঠোৰ ভাবে বলবৎ কৰিবলৈ নিৰ্বাচনী বিষয়া সকলৰ প্ৰতি নিৰ্দেশনা জাৰি কৰিছে। আনহাতে এক সংবাদমেল যোগে তেওঁ ঘোষণা কৰিছে যে, সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীয়ে ভোটদান সম্পন্ন হোৱা ৪৮ ঘণ্টাৰ পূৰ্বে অৰ্থাৎ ২৫ ফেব্ৰুৱাৰীৰ আবেলি ৪ বজাত সকলো ধৰণৰ নিৰ্বাচনী প্ৰচাৰ বন্ধ কৰিব লাগিব। তদুপৰি বিভিন্ন দলৰ মুখ্য প্ৰচাৰক সকল আৰু অন্য সমষ্টিৰ পৰা আহি প্ৰচাৰ চলাই থকা লোক সকলকো নিৰ্দ্ধাৰিত সময়ত নিজা ঠাইলৈ ঘূৰি যাবলৈ আহ্বান জনাইছে মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে। তথ্য অনুসৰি, নগালেণ্ডৰ নিৰ্বাচনক কেন্দ্ৰ কৰি অপ্ৰীতিকৰ তথা অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি কৰাৰ অভিযোগত বৰ্তমানলৈকে ৫৭ জন লোকক নগালেণ্ড আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে। সেই সন্দৰ্ভতো মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই কয় যে, ঊষা আৰু মোককচাং জিলাত সংঘটিত হোৱা কেইটামান ঘটনাৰ বাদে ৰাজ্যখনৰ বাকী জিলাত পৰিস্থিতি প্ৰায় শান্তিপূৰ্ণ। নিৰ্বাচনক কেন্দ্ৰ কৰি আজিৰ তাৰিখলৈকে ঊষা জিলাত মুঠ ৯ টা গোচৰ ৰুজু আৰু ১৫ জনক গ্ৰেপ্তাৰ কৰাৰ লগতে মোককচাং জিলাত ১১ টা গোচৰ ৰুজু আৰু ৪২ জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। স্মতব্য যে, নগালেণ্ডৰ টুৱেনচাং জিলাত ১৫ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ সময়ত কৰ্তব্যৰত অৱস্থাত থকা আই টি বি পিৰ এজন জোৱান হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল বুলিও মুখ্য নিৰ্বাচনী বিষয়া অভিজিৎ সিনহাই দুখ প্ৰকাশ কৰে। ইতিমধ্যে মৃতকৰ পৰিয়াললৈ ১০ লাখ টকা আগবঢ়োৱা হৈছে বুলিও জানিবলৈ দিয়ে। উল্লেখযোগ্য যে, ৬০ খন আসনৰ নগালেণ্ড বিধান সভাৰ আগন্তুক নিৰ্বাচনত এইবাৰ ভোটদান কৰিব লগিয়া মুঠ ভোটাৰ হ’ল ১১,৮৯,২৬৪ জন। ইয়াৰ বাবে ৰাজ্যখনৰ ২১৯৬ টা ভোটকেন্দ্ৰ বৰ্তমান সাজু কৰি তুলিছে। সশস্ত্ৰ উগ্ৰপন্থী সংগঠনৰ প্ৰভাৱ থকা ৰাজ্যখনত নিৰ্বাচনৰ সময়ত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চমুকৈ চি এ পি এফৰ ২৮১ টা কোম্পানী মোতায়েন কৰি নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close