অসম

মংগলদৈত বৰ্নাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে উকীল সন্থাৰ শতবাৰ্ষিকী উদযাপন

দেওমৰনৈৰপৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰঃ দৰঙ জিলাৰ মংগলদৈ উকীল সন্থাৰ শতবাৰ্ষিকী উদযাপন আজিৰে পৰা আৰম্ভ হয়। ২৪, ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত মংগলদৈ আদালত চৌহদত অনুষ্ঠিত হোৱা উকীল সন্থাৰ শতবাৰ্ষিকী উদ্‌যাপনৰ আজি ৰাতিপুৱা মুল পতাকা আৰু ৯৯ খন পতাকা উত্তোলনৰে শুভাৰম্ভণি কৰে। আজিৰ প্ৰথম দিনৰ কাৰ্য্যসূচী অনুসৰি শতবাৰ্ষিকী বন্তি প্রজ্বলন, স্মৃতি তৰ্পণ, প্ৰয়াত অধিবক্তা সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি তথা প্ৰয়াত অধিবক্তা পৰিয়ালবৰ্গক সম্বৰ্ধনা জ্ঞাপন আৰু বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্য্যসূচী পালন কৰে।
আজিৰ সাংস্কৃতিক শোভাযাত্ৰাত বিভিন্ন কলা-সংস্কৃতিৰ প্ৰয়োভৰ দেখা যায়। দ্বিতীয় দিনৰ কাৰ্য্যসূচী সামুহিক স্বচ্ছ অভিযানেৰে আৰম্ভ কৰিব। স্বচ্ছ ভাৰত অভিযান শুভাৰম্ভণি কৰিব দৰং জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মনে। ইয়াৰ পিছতে বৃক্ষৰোপন কাৰ্য্যসূচী আৰু আলোচনাচক্ৰ অনুষ্ঠিত হব । “The Constitution of India has played the key role pioneer to keep up the unity in diversity ” বিষয় শীৰ্ষক আলোচনা চক্ৰ খনি উদ্বোধন কৰিব হাইক’ৰ্ট বাৰ এচোচিয়েচনৰ বিশিষ্ট অধিবক্তা ড০ হৰেণ দাসে, সঞ্চালক হিচাপে উপস্থিত থাকিব হাইক’ৰ্ট বাৰ এচোচিয়েচন সঞ্চালক তথা জেষ্ঠ্য অধিবক্তা কৃষ্ণ কান্ত মহন্ত, আলোচক মণ্ডলী হিচাপে উপস্থিত থাকিব গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জল ভূঞা, ন্যায়াধীশ হৃকিকেষ ৰয়, জেষ্ঠ্য অধিবক্তা নীলয় দত্ত, জেষ্ঠ্য অংশুমান বৰা। আবেলি ৩ বজাৰ পৰা আৰম্ভ হ’ব মংগলদৈ উকীল সন্থাৰ সদস্য, সদস্যাৰ প্ৰীতি সন্মিলন। সন্মিলনী খনি সঞ্চালনা কৰিব শতবাৰ্ষিকী উদযাপন সমিতিৰ সম্পাদক শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাই। সন্ধিয়া ৬ বজাত সাংস্কৃতিক অনুষ্ঠান আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ’ব। সাংস্কৃতিক অনুষ্ঠানখনি উদ্বোধন কৰিব বিশিষ্ট নাট্যকাৰ, পৰিচালক হেমন্ত দত্তই। তৃতীয় তথা অন্তিম দিনৰ কাৰ্য্যসূচী ৰূপায়ন হ’ব মংগলদৈ উকীল সন্থাৰ সদস্য সদস্যাসকলৰ দ্বাৰা সামুহিক স্বচ্ছ অভিযানেৰে। তাৰ পিছতে মংগলদৈ কাৰাগাৰত কয়দীৰ মাজত ফলমূল বিতৰণ কাৰ্য্যসূচী ৰূপায়ন কৰিব। দিনৰ ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হ’ব। শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি মাধৱ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হ’বলগীয়া মুকলি সভাখনি উদ্বোধন কৰিব জেষ্ঠ্য অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় তথা বাৰ কাউঞ্চিল অৱ ইণ্ডিয়াৰ সভাপতি, কাৰ্যকৰি সমিতিৰ অপুৰ্ব শৰ্মা, মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশিষ্ট অতিথি হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মীৰ আলফাচ আলি, পাঞ্জাব মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ ইকবাল আহমেদ, স্মৃতিগ্রন্থ উন্মোচক অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী, নিদিষ্ট বক্তা বিশিষ্ট চিকিৎসক, লেখক, গায়ক ডাঃ অঞ্জনজ্যোতি চৌধুৰী, সন্মানীয় অতিথি মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ ৰমেন ডেকা, মংগলদৈ বিধান সভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস, ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া, দলগাঁৱ বিধান সভা সমষ্টিৰ ইলিয়াচ আলি, কলাইগাঁৱ বিধান সভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়ো, জেষ্ঠ্য অধিবক্তা নেকিবুৰ জামান, সদৌ অসম উকীল সন্থাৰ সভাপতি নুৰুল ইছলাম চৌধুৰী, সদৌ অসম উকীল সন্থাৰ সম্পাদক দীপক দাসৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকিব আৰু সন্ধিয়া সাংস্কৃতিক অনুষ্ঠান আৰু বন্তি প্রজ্বলনেৰে সামৰণি পৰিব বুলি শতবাৰ্ষিকী উদযাপন সমিতিৰ সভাপতি মাধৱ ৰাজবংশী আৰু সম্পাদক শৈলেন্দ্ৰ কুমাৰ শৰ্মা বৰুৱাই জনাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close