শেহতীয়া
Home / মহিলা / মনৰ কথা

মনৰ কথা

নিৰ্মালি সন্দিকৈ:

নোৱাই তোলনী বিয়া-

আজিৰ পৰা চল্লিশ পঞ্চাশ বছৰৰ আগতে বাৰ তেৰ বছৰীয়া ছোৱালীবোৰহে তোলনী হৈছিল। কিন্তু উন্নত খাদ্যাভ্যাসৰ বাবে আজিকালি আঠ বছৰীয়া ছোৱালীও তোলনী হয়। আগতে তোলনী বিয়াখন ধুমধামকৈ পতাৰ উদ্দেশ্য আছিল,যাতে ছোৱালীজনী গাভৰু হ’ল বুলি দহে গম পায় আৰু বিবাহ উপযুক্ত হ’ল বুলি মানুহে জানিব পাৰে। বিভিন্ন লোকাচাৰেৰে তাইক নাৰীত্ব প্ৰাপ্তিৰ কথা জনোৱা হয়। পুৰুষৰ পৰা সাবধানে চলাৰ নীতিজ্ঞান দিয়া হয়।

কিন্তু আজিকালিৰ তোলনী বিয়া বোৰ দেখিলে চকু থৰ হৈ যায়। অকনমান ছোৱালী এজনীৰ কন্যাকাল প্ৰাপ্তিক লৈ কি ৰাজসিক কাৰবাৰ। সোণৰ গহনা,পাটৰ কাপোৰ,পেন্দেল,মাছ মাংসৰ ভোজ। কিছুমানে টকা খৰচ কৰি কাৰ্ডো চপায়। মোৰ টকা আছে। মই খৰচ কৰিছো,তই ক’বলৈ কোন বোলা মানুহো আছে। মোৰ ছোৱালী এতিয়াৰ পৰা মাহে মাহে ৰজস্বলা হ’ব বুলি ৰাইজক ঢাক ঢোল বজাই জনাব খোজা মানুহে যুক্তি দিয়ে,বৰ বিয়াখন পাতিব পাৰিম নে পলাই যায় কি ঠিক,সেয়ে এইখনকে পাতিলো ডাঙৰকৈ।

তোলনী বিয়াৰ নামত যি বোৰ নিয়ম পালন কৰা হয়,সেইবোৰৰ বিজ্ঞানসন্মত কাৰণ আছে। সেইবোৰ অনুষ্টুপীয়াকৈ পালন কৰিব লাগে। পৰম্পৰা একেবাৰে ত্যাগ কৰিব নালাগে। কিন্তু আচল কথা,ছোৱালীজনীক PERIOD সম্পৰ্কীয় কথাবোৰ আৰু hygene ৰ বিষয়ে বুজাব লাগে। যিকোনো সমস্যা যাতে মাকৰ লগত নিসংকোচে আলোচনা কৰিব পাৰে আৰু এইয়া যে অশুচি অপৱিত্ৰ কিবা এটা নহয়,বৰং নাৰী হোৱাৰ গৌৰৱ,সেয়াহে বুজাব লাগে। তাৰ পৰিবৰ্তে আমি মেক আপ আৰ্টিষ্ট,ফটোগ্ৰাফাৰ আৰু বুফে পৰিবেশনেৰে এটা ডাঙৰ কাৰবাৰ কৰি পেলাওঁ। নিম্ন মধ্যবিত্তৰ মানুহখিনিয়েও আনক দেখি লাখ টকা খৰচ কৰে। যিখিনি টকা তেওঁলোকে কন্যাৰ উচ্চশিক্ষাৰ বাবে ব্যয় কৰিব পাৰিলে হয়।

মোৰ কিন্তু বিশেষকৈ অনা অসমীয়া মানুহৰ আগত খুব লাজ লাগে। কাৰণ মোক এবাৰ এজনী বান্ধৱীয়ে আচৰিত হৈ সুধিছিল”,তুম্হাৰী বেহেন কা পিৰিয়দ হোৱা,ইচলিয়ে পাৰ্টি দে ৰহে হো ক্যা?” আমাৰ দেশত ১২%নাৰীয়ে হে চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে। অপৰিস্কাৰ কাপোৰ ব্যবহাৰ কৰি পিৰিয়ডৰ সময়ত বহুতেই বিভিন্ন ৰোগত ভোগে। সেই সময়ৰ বিভিন্ন সমস্যাৰ কথা মুকলিকৈ আলোচনা কৰাটো অশোভনীয় কিন্তু ঢাক ঢোল বজাই কন্যাকাল প্ৰাপ্তিৰ খবৰ ৰাজহুৱা কৰাটো নিয়ম নিষ্ঠ!

আমি কেতিয়া কথাবোৰ ভাবিম?

 

মই নিজৰ তোলনী বিয়া পতাৰ বিৰোধী আছিলো। মাত্ৰ আইসকলে নিয়মবোৰ অনুষ্টুপীয়াকৈ পাতি গৈছিল। কিছুমানে কয়,কন্যাকালৰ দোষ থাকিলে বেয়া। বৈবাহিক জীবন অসুখী হয়। হাস্যকৰ! অকনমান ছোৱালী এজনীয়ে পুস্পিতা হোৱাৰ বাবে বেশ্যা,কান্তা,সুভগা,দুভগা যোগ পায়। সেইটো যোগে নিৰ্ধাৰণ কৰে,তাই বৈবাহিক জীৱনত সুখী নে অসুখী হ’ব!!

Leave a Reply

Your email address will not be published. Required fields are marked *

*