অসম

মহাপ্ৰভু দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ আয়োজন

চাংসাৰিৰ পৰা পঙ্কজ নাথ,প্ৰথম খবৰ :

বিগত বৰ্ষ সমূহৰ দৰে এই বেলিও বৈদিক ৰীতি নীতি আৰু ধৰ্মীয় পৰম্পৰাৰে কামৰূপৰ উত্তৰ গুৱাহাটী ৰাজাদুৱাৰত অৱস্থিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰত অহা ২৮ ফেব্ৰুৱাৰী বুধবাৰৰ পৰা ৪ মাৰ্চ ৰবিবাৰলৈ বৰ্ণিল কাৰ্য্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হৈছে। জানিব পৰা মতে মন্দিৰ পৰিচালনা কমিটিৰ সভাপতি শচীন ভুঞা, প্ৰধান সম্পাদক দুৰ্লভ বৈশ্যই দৌল উৎসৱ পৰিচালনাৰ মূখ্য দায়িত্বত থাকিব। প্ৰাপ্ত খবৰ অনুযায়ী অহা ২৮ ফেব্ৰুৱাৰী ফাগুন মাহৰ শুক্লা চতুৰ্থীত ব্ৰহ্মপুত্ৰৰ পাৰত মেঘদাহ পৰ্বৰে এই দৌল উৎসৱৰ আৰম্ভণি ঘটি প্ৰতিদিনে বিভিন্ন ধাৰ্মিক কাৰ্য্যসূচীৰ অনুস্থান উদযাপিত হৈ কৃষ্ণা তৃতীয়া তিথি ৰবিবাৰৰ দিনটোত এক বিশাল ধৰ্মীয় শোভাযাত্ৰাৰে দৌল উৎসৱৰ সামৰণি পৰিব। প্ৰতিবছৰৰ দৰে এইবাৰো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অগনন ভক্তই এই দৌল উৎসৱত অংশ গ্ৰহণ কৰিব বুলি কমিটিৰ বিষয়ববীয়া সকলৰ পৰা জানিব পৰা গৈছে। মন্দিৰৰ পৰিচালনা কমিটিয়ে স্থানীয় আৰু বাহিৰৰ পৰা অহা সকলো ভক্তই যাতে মন্দিৰত নিয়াৰিকৈ প্ৰবেশ কৰাৰ সুবিধা লাভ কৰে তাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বদ্ধপৰিকৰ হৈ আছে । ইতিমধ্যে মন্দিৰৰ পৰিচালনা কমিটিয়ে সকলো বিষয়ববীয়াক নিজৰ নিজৰ দায়িত্ব সমূহ পালন কৰাৰ বাবে সকলোৰে বিভাগ সমূহ নিৰ্দিষ্ট কৰি তাক সুচাৰুৰূপে পালনৰ নিৰ্দেশো প্ৰদান কৰিছে। তাৰোপৰি দৌল গোবিন্দ মন্দিৰৰ স্বেচ্ছাসেৱক, স্থানীয় বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ছাত্ৰ ছাত্ৰী সকলৰ লগতে নিৰাপত্তাৰক্ষী, আৰক্ষী প্ৰশাসনে শৃংখলাবদ্ধভাৱে দৌল উৎসৱ ভাগি অনুস্থিত কৰিবলৈ সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি উদ্যোক্তা সকলৰ পৰা জানিব পৰা গৈছে। এইবাৰৰ এই মহোৎসৱ ভাগি সাফল্যমণ্ডিত কৰি তুলিবলৈ দৌল উৎসৱৰ আয়োজক সকলে অঞ্চলবাসী ৰাইজৰ সহায় সহযোগিতাৰ লগতে বিভিন্ন অঞ্চলৰ দৰ্শনাৰ্থী ও ভক্ত সকলৰ দৌল উৎসৱত উপস্থিতিৰ কামনা কৰিছে।

Related Articles

Leave a Reply

Close