শেহতীয়া
Home / ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় / আন্তঃৰাষ্ট্ৰীয় / মহেন্দ্ৰ সিং ধোনীৰ নতুন অভিলেখ:৪০০ খেলুৱৈক ষ্টাম্পিং কৰি আউট কৰা একমাত্ৰ ভাৰতীয় উইকেট কীপাৰ

মহেন্দ্ৰ সিং ধোনীৰ নতুন অভিলেখ:৪০০ খেলুৱৈক ষ্টাম্পিং কৰি আউট কৰা একমাত্ৰ ভাৰতীয় উইকেট কীপাৰ

স্পোৰ্টচ নিউজ,প্ৰথম খবৰ: দক্ষিণ আফ্ৰীকাত অনুষ্ঠিত এদিনীয়া শৃংখলাত ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ সুন্দৰ খেল প্ৰদৰ্শন আৰু স্পীন বলাৰ সকলৰ হাতৰ যাদু অব্যাহত থকাৰ সময়তে সংগোপনে নতুন অভিলেখ সৃষ্টি কৰিবলৈ সক্ষম হৈছে ভাৰতীয় দলৰ আন এজন খেলুৱৈয়ে৷

ভাৰতীয় ক্ৰিকেট দলৰ উইকেট কীপাৰ,বেটচমেন তথা প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীয়ে দক্ষিণ আফ্ৰীকাৰ কেপটাউনত অনুষ্ঠিত শৃংখলাত দক্ষিণ আফ্ৰীকাৰ অধিনায়ক এডিন মাৰ্কৰমক ষ্টাম্পিংৰ জৰিয়তে আউট কৰি নিজৰ নামত গঢ়িবলৈ সক্ষম হৈছে এক নতুন অভিলেখ৷

খেলপথাৰত ষ্টাম্পৰ বিপৰীত দিশে থাকি ৪০০ গৰাকী ক্ৰিকেটাৰক ষ্টাম্পিংৰ জৰিয়তে আউট কৰা একমাত্ৰ ভাৰতীয় উইকেট কীপাৰ হৈছে মহেন্দ্ৰ সিং ধোনী৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*