অসম

মাগুৰমাৰীত ভুমি বিবাদ সংঘাত

প্ৰথম খবৰ,ৰূপহীহাট: ৰূপহীহাটৰ মাগুৰমাৰী গাওঁত দুটা পৰিয়ালৰ মাজত মাটিৰ সীমা বিবাদক লৈ তীব্ৰ সংঘাতৰ সৃষ্টি হৈছে। দুই চুবুৰীয়া ব্যক্তিৰ এই কন্দলৰ পৰিণতিতে যোৱা সন্ধিয়া প্ৰায় ৯ বজাত এক প্ৰকাৰ হতাহতিৰ সৃষ্টি হয়৷

ভূমি কেন্দ্ৰিক এই সংঘাতত নিশাৰ ভাগত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশৰ সূচনা কৰে দুই পক্ষই৷ এই ঘটনাৰ পাছতে নিজকে মাটিৰ মালিক বুলি দাবী কৰা হজৰত আলীয়ে তেওঁৰ ভূমি বেদখল কৰাৰ অভিযোগত আজিজুৰ ৰহমান,আবু বক্কৰ,লুতফুৰ ৰহমান,নেকিবুৰ ৰহমান(পিন্টু),হেফজুৰ ৰহমান,ইফতিকাৰ ৰহমান আৰু শাজু নামৰ লোককেইজনৰ বিৰুদ্ধে স্থানীয় থানাত এক গোচৰ ৰুজু কৰিছে৷

হজৰত আলীয়ে এজাহাৰত উল্লেখ কৰে যে,  আজিজুৰ ৰহমানে নিজৰ পুখুৰীৰ পাৰ সাজিবলৈ গৈ বহুখিনি মাটি দখল কৰিবলৈ চেষ্টা কৰিছে৷ ইয়াৰ পাছতে বিষয়টোক কেন্দ্ৰ কৰি দুই পক্ষৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়৷ অভিযোগ কৰা অনুসৰি আজিজুৰে হজৰতৰ ঘৰৰ গ্ৰীল ভাগি দা-ডেকাৰ আদি চোকা অস্ত্ৰৰে তেওৰ পৰিয়ালক প্ৰাণে মৰাক প্ৰয়াস কৰে যদিও সফল নহৈ ঘৰলৈ শিলগুটি নিক্ষেপ কৰি ঘৰৰ ক্ষতি সাধন কৰে৷ আনহাতে দুই পৰিয়ালক এই কাজিয়াৰ পৰিণতি যিয়েই নহওক ঘটনাক কেন্দ্ৰকৰি স্থানীয় পৰিৱেশত এক বিৰূপ প্ৰভাৱ পেলাইছে বুলি অঞ্চলবাসীয়ে চৰ্চা চলাইছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close