অসমতিনিচুকীয়া

মাৰ্ঘেৰিটাত ট্ৰাকৰ পৰা তিনি লক্ষাধিক টকাৰ তামোল ডকাইতি, এজন গ্ৰেপ্তাৰ পলাতক ১৪জন

প্ৰথম খবৰ,মাৰ্ঘেৰিটা: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিৰ দৰে ঘটনা। নেতৃত্বত অসম বড়ো কছাৰী যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠন এটাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক তথা মাৰ্ঘেৰিটা আঞ্চলিকৰ সভাপতি সত্যজিত বড়ো বুলি গুৰুতৰ অভিযোগ উঠিছে। কালি নিশা জাগুনৰ পৰা গুৱাহাটী অভিমুখে গৈছিল প্ৰায় তিনি লক্ষাধিক টকাৰ তামোল লৈ এ এচ ০১ জে চি ২৩৬১ নম্বৰৰ ট্ৰাক। চেগুণ বাৰী নামে ঠাইত সত্যজিতৰ নেতৃত্বত গাড়ী মটৰ চাইকেল লৈ অহা এটা ১৫ জনীয়া দলে ট্ৰাক খন আগুচি ধৰে। কাগজ পত্ৰ পৰীক্ষা কৰাৰ অন্তত গাড়ী খনৰ চালকৰ আসন দখল কৰি
সভ্যজিত বড়ো আৰু মানৱ ফুকন নামৰ দুজন যুৱকে গাড়ী খনত বহি মাৰ্ঘেৰিটাৰ পৰা প্ৰায় দহ কিলোমিটাৰ দূৰত্বত অৱস্থিত কেতেটং লৈ লৈ যায় । তামোল খিনি নিদিষ্ট স্থানত নমাই ট্ৰাক খন ঘুৰাই পঠাই নিশাই। আজি তামোল খিনি অন্য এখন গাড়ীত বোজাই সৰবৰাহ কৰিবলৈ লওঁতেই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এই ডকাইতি কাৰ্য্যত জড়িত মানৱ ফুকন নামৰ এজনক গ্ৰেপ্তাৰ কৰে আৰু তামোল খিনি উদ্ধাৰ কৰে। এই ডকাইতি কাৰ্য্যত জড়িত অসম বড়ো কছাৰী যুৱ ছাত্ৰ পৰিষদ নেতা সত্যজিত সহ ১৪ জনীয়া এটা যুৱকৰ দল পলাতক।

উল্লেখযোগ্য যে, নিশা ভাগত মাল পৰিবাহী গাড়ী ৰখাই এম ভি আই আৰক্ষীৰ দৰে কাগজ পত্ৰ পৰীক্ষাৰ নামত দাবী ধমকিৰে ধন আদায় কৰাটো একাংশ সংগঠনৰ নেতা তথা সাংবাদিকৰ চৰিত্ৰ লৈ পৰিণত হৈছে। অৱশ্যে এইদৰে ডকাইতি কৰাৰ ঘটনা মাৰ্ঘেৰিটাত প্ৰথম বাৰৰ বাবে সংঘটিত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close