অসম

মাৰ্ঘেৰিটাত ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধত বিবি মৰিয়মৰ ওচৰত হাজাৰ হাজাৰ বিভিন্ন ধৰ্মালম্বী

লিডুৰপৰা ৰাণাজ্যোতি নেওগ,প্ৰথম খবৰঃ উজনি অসমৰ ধৰ্মীয় পীঠস্থান সমূহৰ ভিতৰত অন্যতম মাৰ্ঘেৰিটাৰ বিবি মৰিয়ম ফাতেমা মাঝাৰৰ বছৰেকীয়া ওৰচ মোবাৰক অনুষ্ঠান আজি অনুষ্ঠিত হৈ যায়। ৰাজ্যৰ বিভিন্ন ধৰ্মালম্বী হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত।

উল্লেখযোগ্য যে, অসমত এনে বহু কেইখন ধৰ্মীয় পীঠস্থান আছে যিবোৰে যুগ যুগ ধৰি দেখুৱাই আহিছে ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধত হিন্দু মুছলমানকে ধৰি বিভিন্ন ধৰ্মালম্বীৰ মাজত সাম্প্ৰদায়িক সম্প্ৰীতিৰ অপূৰ্ব চানেকী।তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ নামদাং অঞ্চলত অৱস্থিত এনে এখন ধৰ্মীয় পীঠস্থান হ’ল বিবি মৰিয়ম ফাতেমা মাঝাৰ। এই মাঝাৰত মনোবাঞ্চা পূৰণৰ বাবে আশীৰ্বাদ বিচাৰি দৈনিক বিশেষকৈ বৃহস্পতি বাৰে মুছলমানৰ লগতে হিন্দু খৃষ্টান বিভিন্ন ধৰ্মালম্বী লোক আহে। লোক বিশ্বাস অনুসৰি এই মাঝাৰত ধূপ মম জ্বলাই সেৱা ললে পুৰ্ণ হয় মনৰ কামনা।

প্ৰবাদ অনুসৰি ১৮৮০ চনত অহা ছৈয়দ বংশৰ কন্যা আছিল বিবি মৰিয়ম ফাতেমা। ঐশ্বৰিক গুণসম্পন্ন আছিল ফাতেমা। তেওঁৰ আশীৰ্বাদত দুৰাৰোগ্য ৰোগীবোৰ হৈছিল ৰোগ মুক্ত। ফাতেমাৰ মৃত্যুৰ পাছত নামদাং অঞ্চলত সমাধিস্থ কৰা হৈছিল। তেওঁৰ সমাধিতো ধূপ মম জ্বলাই বহুতে সুফল পোৱাত সেই সমাধিস্থৰ স্থানতে এখন মাঝাৰ গঢ়ি তোলা হয়। বিজ্ঞানৰ যুগত এনে অন্ধবিশ্বাসৰ সত্যতাকলৈ প্ৰশ্ন আছে যদিওঁ এটা কথা নিশ্চিত যে এই মাঝাৰৰ জড়িয়তে ক্ষণিকৰ বাবে হ’লেও পাহৰে ধৰ্মীয় সংকীৰ্ণতা।

Related Articles

Leave a Reply

Close