অসমশীৰ্ষ

মাৰ্ঘেৰিটাত ব্লেকমেইলিঙৰে  সাত লক্ষ দাবী বেংক কৰ্মচাৰীক

প্ৰথম খবৰ,লিডুঃ ভাৰতীয় ষ্টেট বেংকৰ মাৰ্ঘেৰিটা শাখাৰ এজন কৰ্মচাৰীক ব্লেকমেইলিঙৰে সাত লক্ষ টকা দাবী কৰাৰ অভিযোগত আৰক্ষীয়ে সদৌ অসম অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ নামৰ সংগঠন এটাৰ কেন্দ্ৰীয় সমিতিৰ চাৰি জন বিষয়ববীয়া ক্ৰমে জয়ন্ত দাস (৩৪) পবিত্ৰ দাস (৩২) ৰিপূ দাস (৩২) আৰু বলেন্দ্ৰ দাসক (৩৭) যোৱা শুকুৰবাৰে মাৰ্ঘেৰিটা এছ বি আই পৰা  গ্ৰেপ্তাৰ কৰি কালি সোধ পোচ কৰাৰ অন্তত নম্বৰৰ ৪৮/ ২০১৮ ভাৰতীয় দণ্ডবিধি আইনৰ ৩৮৭ অধিনত এটি গোচৰ ৰজু কৰি আৰক্ষীয়ে জেল হাজোতলৈ  প্ৰেৰণ কৰে।

প্ৰাপ্ত অভিযোগ অনুসৰি, বেংকটোৰ কৰ্মচাৰী প্ৰসেনজিৎ দাসে ভুৱা অনুসূচীত জনজাতিৰ (এচ চি) প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি বেংকটোত কৰ্মৰত হৈ থকা বুলি এই চাৰি যুৱকে অভিযোগ কৰি উক্ত ধন আদায় দিবলৈ ভাবুকি প্ৰদান কৰি আহিছিল বুলি প্ৰসেনজিৎ  দাসে এই সম্পৰ্কত মাৰ্ঘেৰিটা আৰক্ষী থানাত অভিযোগ পত্ৰ দাখিল কৰাত আটাই কেইজনকে যোৱা শুক্ৰবাৰে বেংকতোত প্ৰসেনজিৎ দাসক লগ কৰিবলৈ আহোঁতেই মাৰ্ঘেৰিটা আৰক্ষীয়ে আটক কৰে। অৱশ্যে ধন দাবী কৰাৰ কথা অভিযুক্ত যুৱক কেইজনে অস্বীকাৰ কৰাৰ লগতে বেংক কৰ্মচাৰী জনে ভুৱা অনুসূচীত জাতিৰ প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰি আইনগত অপৰাধ কৰা বুলি দাবী কৰিছে আৰু এই তথ্য ফাদিল কৰাৰ বাবেই তেওঁলোক ষড়যন্ত্ৰৰ বলি হোৱা বুলি অভিযোগ কৰিছে। এইক্ষেত্ৰত উক্ত চাৰি যুৱকৰ অধিবক্তাই আইনৰ কাষ চাপিছে বুলি জানিব পৰা গৈছে। অন্যহাতে ডিগবৈ বাসিন্দা প্ৰসেনজিৎ দাসক এই ঘটনা সম্পৰ্কত অধিক জানিবৰ বাবে সংবাদ মাধ্যমৰ তৰফৰ পৰা ফোনযোগে যোগাযোগ কৰা হৈছিল যদিওঁ‌ প্ৰথম অৱস্থাত সংবাদ মাধ্যমৰ সন্মুখত উপস্থিত হ’ব বুলি অবগত কৰে যদিও পৰবৰ্তী সময়ত মোবাইল ফোন বন্ধ কৰি দিয়ে। ফলত সমগ্ৰ ঘটনাটো ৰহস্য আৱৰ্ত্তত সোমাই পৰিছে। অন্যহাতে ভাৰতীয় ষ্টেট বেংকৰ মাৰ্ঘেৰিটা শাখাৰ প্ৰবন্ধকজনেও প্ৰসেনজিৎ দাসক সহযোগ আগবঢ়োৱাত সমগ্ৰ ঘটনাটো সন্দেহৰ আৱৰ্ত্তত সোমাই পৰিছে। অন্যহাতে এই সমগ্ৰ ঘটনা আৰক্ষীয়ে নিৰপেক্ষভাৱে তদন্ত কৰিলে উৰহী গছৰ উৰ ওলাই পৰিব বুলি দাবী কৰিছে অভিযুক্ত চাৰি যুৱকে। এতিয়া অতি লক্ষণীয় হ’ব আৰক্ষীয়ে কি দৰে মাৰ্ঘেৰিটা মহকুমাত চাঞ্চল্য সৃষ্টি কৰা ভুৱা অনুসূচীত জাতি প্ৰমানপত্ৰ সংগ্ৰহ কৰা অভিযোগ আৰু ধন দাবীৰ প্ৰতি অভিযোগৰ তদন্ত কি দৰে সম্পূৰ্ণ কৰে।

Related Articles

1 thought on “মাৰ্ঘেৰিটাত ব্লেকমেইলিঙৰে  সাত লক্ষ দাবী বেংক কৰ্মচাৰীক”

  1. সুন্দৰ লেখা হৈছে……. অসমর চুকেকোণে হোৱা বাতরি সমুহ ……. ইয়াত পোৱা গৈছে

Leave a Reply

Your email address will not be published. Required fields are marked *

Close