শেহতীয়া
Home / অসম / মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত তীৰ্থ যাত্ৰীৰ বাহন দুর্ঘটনাগ্ৰস্ত

মেঘালয়ৰ উত্তৰ গাৰো পাহাৰত তীৰ্থ যাত্ৰীৰ বাহন দুর্ঘটনাগ্ৰস্ত

প্ৰথম খবৰ,হাটছিঙিমাৰী: চুবুৰীয়া ৰাজ্য মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ ৰাজাশিমলাত আজি ঘন পুৱাতেই এটি গাৰো তীৰ্থ যাত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্থ হৈ শিশু সহ মুঠ পাঁচ গৰাকী তীৰ্থ যাত্ৰী আহত হৈ চিকিৎসাধীন হৈ থকাৰ বাতৰি পোৱা গৈছে।
উল্লেখযোগা যে, প্ৰতিবছৰেই মেঘালয়ৰ গাৰো পাহাৰৰ বিভিন্ন জিলাত গাৰো সম্প্ৰদায়ৰ লোক সকলে পালন কৰি অহা আচিক বেপিষ্ট ডালগীপা ক্ৰীমা (ABDK) সভাত অংশগ্ৰহণ কৰা তীৰ্থ যাত্ৰীৰ এম এল ০৮ চি ৯৪৩১ নম্বৰৰ ট্ৰেভেলাৰ খন আজি ৰাতিপুৱা প্ৰায় ৪.৪৬ বজাত দুৰ্ঘটনাত পতিত হয়। পথৰ ওপৰত প্ৰায় লক্ষাধিক ভক্তৰ সমাগম হোৱাৰ বাবে ভীৰ হৈ থকাৰ ফলত ট্ৰেভেলাৰ খন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি পৰি এখন গছত খুন্দা মাৰে। ফলত ট্ৰেভেলাৰ খনত থকা এটি কণমানি শিশু সহ মুঠ পাঁচ জন গাৰো তীৰ্থ যাত্ৰী আহত হয়। লগে লগে আহত সকলক স্থানীয় ৰাজাশিমলা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও অৱস্থা সংকট হোৱা বাবে তীৰ্থ যাত্ৰী কেইজনক ততাতৈয়াকৈ ৰাজ্য খনৰ পশ্চিম গাৰো পাহাৰ জিলাৰ সদৰ তুৰা অসামৰিক চিকিৎসালয়লৈ কৰা হয়। সম্প্ৰতি তীৰ্থ যাত্ৰী কেইজন সংকটমুক্ত বুলি জনা গৈছে। তীৰ্থ যাত্ৰীৰ বাহনখন তুৰাৰ পাৰ্শ্বৱৰ্তী খেৰাপাৰাৰ পৰা সভাখনলৈ গৈছিল। সভাৰ অন্তিম দিনা ঘৰলৈ উভতি অহাৰ সময়ত এইদৰে দুৰ্ঘটনাগ্ৰস্থ হোৱা বুলি জনা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*