শীৰ্ষৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয়

মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ মৃত্যুৰ নতুন মোৰ

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰঃ বলীউডৰ মোহময়ী অভিনেত্ৰী শ্ৰীদেৱীৰ স্বামী বনী কাপুৰে অভিনেত্ৰীগৰাকীৰ মৃত্যু সন্দৰ্ভত আগবঢ়োৱা ভাষ্যক কেন্দ্ৰ কৰি ইতিমধ্যে সৃষ্ঠি হৈছে তীব্ৰ চাঞ্চল্যৰ৷ ডুবাইৰ জুমেৰা এমিৰেটচ টাৱাৰ হোটেলত বাথটাবত ডুবি অভিনেত্ৰীগৰাকীৰ মৃত্যু হোৱা কথা বনী কাপুৰে স্বীকাৰ কৰাৰ পিছত ১৬ ঘণ্টা ধৰি বনী কাপুৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

ডুবাইৰ জুমেৰা এমিৰেটচ টাৱাৰ হোটেলৰ ২২০১নং কোঠাত অভিনেত্ৰী শ্ৰীদেৱীৰ মৃতদেহ স্বামী বনী কাপুৰে প্ৰত্যক্ষ কৰাক কেন্দ্ৰ কৰি ডুবাই আৰক্ষীয়ে ইতিমধ্যে হোটেলখনৰ কোঠাটো ছীল কৰিছে আৰু হোটেলখনৰ কৰ্মচাৰীসকলক আটক কৰি বৰ্তমান সোধা-পোছা অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close