অসম

মৰিগাওঁৰ বুঢ়ামায়াংত জাৰ্নেলিষ্ট ইউনিয় অৱ অসমৰ বাৰ্ষিক অধিবেশন

 মৰিগাঁওৰ পৰা পলাশ হাজৰীকা, প্ৰথম খবৰ  :
কৰ্মৰত সাংবাদিক সকলৰ সুৰক্ষা আৰু সমস্যা সমাধানৰ স্বাৰ্থত ব্ৰতী থকা সংস্থা জাৰ্নেলিষ্ট ইউনিয়ন অৱ অসমৰ ১৯ তম অধিবেশন খন আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাওঁৰ বুঢ়া মায়াংত অনুষ্ঠিত হৈছে ৷ পতাকা উত্তোলন, বন্তি প্ৰজ্বলন আদি পৰম্পৰাগত কাৰ্যসূচীৰ পাছতে ১১বজাৰ পৰা আৰম্ভ হয় সাধাৰন সভা ৷সংস্থাটোৰ  সভাপতিৰ সঞ্চালনাত অনুস্থিত সভাখনত অসমৰ ১৭ খন জিলাৰ প্ৰতিনিধিয়ে অংশ গ্ৰহন কৰি মফচলিয় সাংবাদিক সকলে সন্মুখিন হোৱা সমস্যাৰ বিষয়ে বক্তব্য ৰাখে আৰু সংস্থাটোৱে এনেবোৰ সমস্যাৰ হকে কাম কৰিবলৈ প্ৰস্তাৱ গ্ৰহন কৰে ৷ সভাখনত মুখ্য অতিথি  হিচাপে উপস্থিত থাকে বাংলাদেশ সাংবাদিক সংস্থাৰ আয়ুস ভূঞা ৷ সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে কেৰেলাৰ বছিৰ মাদালা ৷ সভাত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আসামৰ নতুন কেন্দ্ৰীয় সমিতি খন গঠন কৰা হয় ৷
পলাশ হাজৰীকা

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close