অসমগুৱাহাটীশীৰ্ষ

শিক্ষা বিভাগৰ তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণা

নিউজ ডেস্ক, প্ৰথম খবৰঃ আজি জনতা ভৱনত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল অনুষ্ঠিত হয়। সংবাদমেলত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ ফলাফল ঘোষণা কৰা হয়। ৩  জানুৱাৰী ২০১৮ৰ পৰা ৬ জানুৱাৰী ২০১৮ লৈ অনুষ্ঠিত গুণোৎসৱত সৰ্বমুঠ ১১,৭৪,৯৯৫ গৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক মান মূল্যায়ন কৰা হয়। ৰাজ্যৰ মুঠ ১৩খন জিলাত অনুষ্ঠিত হোৱা তৃতীয় পৰ্যায়ৰ গুণোৎসৱত অংশ গ্ৰহণ কৰে ১৭৮৬৯ খন বিদ্যালয়ে। এই প্ৰক্ৰিয়াত ৬১৩৭গৰাকী বহি: মূল্যায়কে ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক মূল্যায়ন কৰে। মূল্যায়নত ২০% মুঠ ৪ লাখ ছাত্ৰ ছাত্ৰী ভূৱা বুলি ধৰা পৰে মধ্যাহ্ন ভোজনৰ তালিকাত ফলত ইউনিফৰ্মৰ বাবে দিয়া ১৬ কোটি টকা ৰেহাই হয় গুণোৎসৱৰ বাবে। প্ৰথম পৰ্যায়ৰ গুণোৎসৱত A + পোৱা বিদ্যালয়ৰ সংখ্যা ৭৭৭ খন, A গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ২৩২৩খন আৰু D গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ২২৭৮ খন। দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱত A + পোৱা বিদ্যালয়ৰ সংখ্যা ১৬৭২ খন,  A গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ৫৪৮০ খন,  D গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ১৯৭৪ খন। আনহাতে তৃতীয় পৰ্যায়ৰ গুণোৎসৱত A + পোৱা বিদ্যালয়ৰ সংখ্যা ৩৫৭৫ খন,  A গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ৭০৬৩ খন,  D গ্ৰেড পোৱা বিদ্যালয়ৰ সংখ্যা ৫০০খন।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close