অসমগোৱালপাৰা

ষ্ট্ৰবেৰী খেতিৰে স্বাৱলম্বী হ’ব বিচাৰিছে দাৰীদুৰীৰ ২৫ জন খেতিয়কে

আগিয়াৰপৰা উদ্ধৱ চন্দ্ৰ নাথ,প্ৰথম খবৰঃ গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত বালিজানা কৃষি খণ্ডৰ অন্তৰ্গত মাকৰীৰ পৰা ৩ কিলোমিটাৰ দূৰত্বৰ দাৰীদুৰি গাঁওৰ ২৫ জন খেতিয়কে সৎ সংঘ বিহাৰ আশ্ৰমৰ আনুমানিক ১০ বিঘা মান মাটিৰ কিছু অংশত ষ্ট্ৰবেৰী খেতি কৰাৰ লগতে পৰিত্যক্ত মাটি দৰাত ফুলৰ খেতি অমিতা আৰু নানান ধৰণৰ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন ৰোচিছে।

প্রাপ্ত বাতৰি মতে, আজি দিনৰ ১১:০০ বজাত বালিজানা কৃষি খণ্ডৰ অন্তৰ্গত উক্ত অনুষ্ঠানৰ কৃষক বিদ্যালয় নামাকৰণ কৰা সৎ সংঘ বিহাৰ কেন্দ্ৰত উক্ত অঞ্চলৰ ২৫ জন খেতিয়কৰ লগতে অঞ্চলষ্ঠ জ্যেষ্ঠ মহল আৰু বিভিন্ন সমাজ কৰ্মীৰ উপস্থিতিত ষ্ট্ৰবেৰীৰ ওপৰত বিষদভাৱে পৰ্যালোচনা সভা অনুষ্ঠিত হয়‌‌‌‌।‍আজিৰ সভাত খণ্ড প্ৰযুক্তি প্ৰবন্ধক ৰায়হান হুছেইনে আঁতধৰা অনুষ্ঠানটো সুচাৰুভাৱে চলাই নিয়ে কৃষি উন্নয়ন বিষয়া নিৰঞ্জন হাজোৱাৰীয়ে আনহাতে সভাত উপস্থিত থাকি ভাষণ আগবঢ়ায় ক্ৰমে সহকাৰী প্ৰযুক্তি প্ৰবন্ধক দীপক পাঠকৰ উপৰি দাৰীদুৰি ষ্ট্ৰবেৰী খেতিয়ক সন্থাৰ মুখ্য ভূমিকা পালন কৰি অহা দীনবন্ধু ৰাভাৰ লগতে সভাৰ আমন্ত্ৰিত অতিথি তথা অসমীয়া খবৰ কাকতৰ আগিয়া অঞ্চলৰ পৰা বাতৰি প্ৰকাশ কৰা সাংবাদিক উদ্ধৱ চন্দ্ৰ নাথ দেৱে। নিৰঞ্জন হাজোৱাৰীয়ে ষ্ট্ৰবেৰী খেতিৰ ওপৰত বিষদভাৱে পৰ্যালোচনা কৰে আনহাতে তেওঁক সহায় কৰে ৰায়হান হুছেইনে জানিব পৰা মতে ষ্ট্ৰবেৰী এবিধ ইমান মূল্যবান ফল হয় ইয়াৰ দ্বাৰাই বিভিন্ন ৰোগৰ ঔষধ তৈয়াৰ হোৱাৰ লগতে শৰীৰৰ বাবে প্ৰয়োজনীয় বহুত ভিটামিনৰ উৎস বুলি জানিব পৰা গৈছে। ভিটামিন চি, ভিটামিন বি, কেন্সাৰ ৰোগ প্ৰতিৰোধক, আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় বিশুদ্ধ অক্সিজেন গেছৰ উৎসৰ লগতে হাড় আৰু গাঁঠিৰ বিষৰ বাবে হোৱা কেলচিয়ামৰ অভাৱ দূৰ কৰাৰ উপৰি আন বিভিন্ন ক্ষেত্ৰৰ এই ষ্ট্ৰবেৰী ফলে আমাক সহায় কৰি আহিছে। জানিব পৰা মতে, তেওঁলোকৰ দ্বাৰা উৎপাদিত ষ্ট্ৰবেৰী খেতিৰে উক্ত অঞ্চলটোৰে অভাৱ দূৰ কৰিবলৈ সক্ষম হোৱা নাই তথাপিও এইক্ষেত্ৰত আৰু আগন্তুক সময়ত বহু বেছি পৰিমানে খেতি কৰি ৰাইজৰ অভাৱ পূৰণ কৰিবলৈ সক্ষম হ’ব বুলি ভাষণ প্ৰসঙ্গত খেতিয়ক দীনবন্ধু ৰাভাই প্ৰকাশ কৰে। বালিজানা উন্নয়ন খণ্ডৰ (আত্মা) নামেৰে নামাংকৃত অনুষ্ঠানটোৰ কৃষি উন্নয়ন বিষয়া তথা আহ্বায়ক নিৰঞ্জন হাজোৱাৰীয়ে চৰকাৰী ভাৱে সহায় সহযোগিতা আগবঢ়োৱাৰ ফলত আজি উক্ত অনুষ্ঠানটো আজি এইখিনি পৰ্যায়লৈ অহাৰ কথা খেতিয়ক সকলৰ ভাষণ প্ৰসংগত প্ৰকাশ পাইছে। সদৌ শেষত বালিজানা কৃষি খণ্ডৰ আত্মাৰ সভাপতি গেদেশ ৰাভাৰ লগতে আমন্ত্ৰিত অতিথি তথা সাংবাদিক উদ্ধৱ চন্দ্ৰ নাথে ভাষণ প্ৰসংগত বৰ্তমান সময়ত শিক্ষিত যুৱ প্ৰজন্মৰ মাজত চাকৰিৰ নামত নিজকে ধ্বংস কৰাতকৈ এনেধৰণৰ উন্নত প্ৰযুক্তিৰে উন্নত মানৰ খেতি কৰি সকলোকে স্বাৱলম্বী হ’বলৈ কোৱাৰ লগতে অঞ্চলটোৰ মানুহৰ মনত এই চিন্তা ধাৰা সুমুৱাই দিয়াৰ বাবে কৃষি উন্নয়ন বিষয়া নিৰঞ্জন হাজোৱাৰীক ভূয়সী প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close