Home / অসম / সংসদত বাজেট দাখিল বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ

সংসদত বাজেট দাখিল বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীয়ে সংসদত দাখিল কৰে পূৰ্ণাংগ বাজেট। বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ এইখন বাজেটে চলিত কেন্দ্ৰীয় চৰকাৰৰ অন্তিমখন বাজেট। উল্লেখ্য যে, এই বাজেট সংযোজিত হৈছে কেইবাখনো নতুন আঁচনি। আঁচনি সমূহ এনেকুৱা ধৰণৰঃ

৪ কোটি দৰিদ্ৰ পৰিয়ালক দিয়া হ’ব বিদ্যুৎ সংযোগ।
মুদ্ৰা আঁচনিৰ বাবে ৩ লাখ কোটি টকা ধাৰ্য।
৭০ লাখ নতুন চাকৰিৰ সৃষ্টি।
১৪.৩৪ কোটি টকা গ্ৰাম্য আন্ত:গাঠনিৰ বাবে ধাৰ্য।
১৬.৭৩১ কোটি টকা গ্ৰাম্য অনাময় আঁচনিৰ বাবে ধাৰ্য।
বস্ত্ৰ খণ্ডৰ বাবে ৭১৪৮ কোটি টকা আৱণ্টন।
SC, ST ৰ বাবে ১০৫.০০০ কোটি টকা ধাৰ্য।
২০২২ চনৰ ভিতৰত সকলো লোকৰ বাবে গৃহ নিৰ্মাণ।
EPF ১২% বৃদ্ধি কৰ্মচাৰীৰ বাবে।
৯৯ খন চহৰক স্মাৰ্টচিটি হিচাপে নিৰ্মাণ।
ৰে’লপথ,ঘাইপথ নিৰ্মাণৰ বাবে সৰ্ববৃহৎ পুঁজি।
৯ হাজাৰ কি.মি নতুন ঘাইপথ নিৰ্মাণৰ প্ৰস্তাৱ।
বিমান যোগাযোগৰ বিশেষ আঁচনি।
ৰে’লৰ মূলধন ব্যয় ১৪৮৫২৮ কোটি টকা।
সকলো ৰে’লৱে ষ্টেচনত এষ্কেলেটৰৰ ব্যৱস্থা।
ৰবটিকচ্ চাইবাৰ চিকিউৰিটিত বিশেষ গুৰুত্ব।
মুম্বাইৰ লোকেল ৰে’ল সেৱাৰ বাবে ১১০০০ কোটি টকা।
দেশৰ ৬০০ খন ৰে’ল ষ্টেচনৰ আধুনিকীকৰণৰ ব্যৱস্থা।
২০১৯ চনৰ ভিতৰত দেশৰ ৪ হাজাৰ কি.মি নতুন ৰে’লপথ।
প্ৰতিৰক্ষা আন্ত:গাঠনিত বিশেষ গুৰুত্ব।
৮০,০০০ কোটি টকা বিনিয়োজনৰ লক্ষ্য।
৩৭২ টা মূল বিষয়ত সংস্কাৰ।
শীঘ্ৰেই ৫ গুণ বৃদ্ধি কৰা হব বিমানৰ চলাচল।
সাংসদৰ দৰমহা নিৰ্ধাৰণৰ বাবে নতুন আইন।
বছৰত এটা পৰিয়ালৰ বাবে ৫ লাখ টকা চিকিৎসা অনুদান।
প্ৰতি ৫ বছৰত সাংসদৰ স্বত:স্ফূৰ্ত দৰমহা।
প্ৰত্যক্ষ কৰ সংগ্ৰহ ১২.৬% লৈ বৃদ্ধি।
ব্যক্তিগত আয়কৰ সংগ্ৰহ ১১% লৈ বৃদ্ধি।
জোতা,চামৰা উদ্যোগলৈ কৰ ৰেহাইৰ ব্যৱস্থা।

Leave a Reply

Your email address will not be published. Required fields are marked *

*