শেহতীয়া
Home / অসম / সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সম্পন্ন

সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ বৰপেটা জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সম্পন্ন

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:“গৰিয়া মৰিয়া দেশীসকলক অতি সোনকালে চৰকাৰী জৰীপৰ জৰিয়তে চিনাক্তকৰণ কৰক”- এই দাবী সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক আজিজুল ৰহমানৰ। পৰিষদৰ বৰপেটা জিলা সমিতিৰ এখন বৰ্দ্ধিত কাৰ্যনিৰ্বাহকত উপস্থিত থাকি সাধাৰণ সম্পাদক ৰহমানে লগতে কয় যে গৰিয়া মৰিয়া দেশী খিলঞ্জীয়া লোকসকলক এচাম দুষ্টচক্ৰই ষড়যন্ত্ৰমূলক ভাবে “ডি ভোটাৰ” সজাই বাংলাদেশীৰ সন্দেহত হাৰাশাস্তি কৰি আহিছে। বি জে পি নেতৃত্বাধীন চৰকাৰখনে ভিজন ডকুমেন্টেত উল্লেখ কৰা গৰিয়া মৰিয়া দেশীসকলৰ চিনাক্তকৰণৰ দায়িত্ব অতি সোনকালে পালন কৰিবলৈ দাবী জনায়। ইয়াৰ অন্যথা পৰিষদে জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিয়ে। মনোৱাৰ হুছেইনৰ সভাপতিত্বত চেঙা মুছলমান পাৰা গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত পৰিষদৰ বৰপেটা জিলা সমিতিৰ বৰ্দ্ধিত কাৰ্যনিৰ্বাহক সভাখন আজি অনুষ্ঠিত হয়। আজিৰ এই সভাখনতেই আতিকুল হকক সভাপতি, ময়ূৰ আলীক কাৰ্যকৰী সভাপতি আৰু চলমান হুছেইনক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ জনীয়া বৰপেটা জিলা তদৰ্থ সমিতিখন গঠন কৰা হয় বুলি জানিব পৰা গৈছে। সভাখনত উপস্থিত থাকি ভাষণ প্ৰদান কৰে পৰিষদৰ কেন্দ্ৰীয় সদস্য পিৰ জাহানুল হক,জেহেৰুল হক আদিয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*