শেহতীয়া
Home / অসম / সদৌ অসম ছিনিয়ৰ জুনিয়ৰ ৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

সদৌ অসম ছিনিয়ৰ জুনিয়ৰ ৰাজ্যিক এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি

প্ৰথম খবৰ ,নলবাৰী: নলবাৰী ক্ৰীড়া সংঘৰ সোণালী জয়ন্তী বৰ্ষত সৰিয়হতলীস্থিত জিলা ক্ৰীড়া প্ৰকল্পত যোৱা ১০ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰীলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৪১ সংখ্যক সদৌ অসম ছিনিয়ৰ জুনিয়ৰ(পুৰুষ /মহিলা) ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতা খনৰ আজি সামৰণি পৰিছে ৷এই প্ৰতিযোগিতাত তিনিচুকীয়া জিলাই শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় ৷ তিনিচুকীয়াই ২১ টা সোণৰ ,১১ টা ৰূপৰ আৰু ৮ টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ অসম পুলিচ দলে ১০ টা সোণ , ১০ টা ৰূপৰ আৰু ১২ টা ব্ৰঞ্জৰ পদক লাভ কৰি দ্বিতীয় স্থান আৰু গুৱাহাটীয়ে ৯ টা সোণ , ১১ টা ৰূপ আৰু ১১ টা ব্ৰঞ্জৰ পদক লাভ কৰি প্ৰতিযোগিতা খনত তৃতীয় স্থান দখল কৰে৷ আনহাতে কোকৰাঝাৰ  জিলাই ৯ টা সোণ ১১ টা ৰূপ আৰু ৮ টা ব্ৰঞ্জৰ পদকৰে চতুৰ্থ ,ডিব্ৰুগড় জিলাই ৮ টা সোণ,৭ টা ৰূপ আৰু ৫ টা ব্ৰঞ্জৰ পদকৰে পঞ্চম স্থান দখল কৰে।  প্ৰতিযোগিতাখনৰ আয়োজক জিলা নলবাৰীয়ে ৩ টা সোণ ৬ টা ৰূপ আৰু ৩ টা ব্ৰঞ্জৰ পদকৰে ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাখনত একাদশ স্থান দখল কৰিবলৈ সক্ষম হৈছে ৷ আজি সদৌ অসম ছিনিয়ৰ জুনিয়ৰ (পুৰুষ / মহিলা) ৰাজ্যিক পৰ্যায়ৰ এথলেটিকছ প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত প্ৰতিযোগিতা খনৰ স্মৃতিগ্ৰন্থ উন্মোচন কৰে নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে ৷ প্ৰতিযোগিতাৰ সফলতাৰ বাবে আয়োজক সমিতিৰ সভাপতি তথা নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা কাৰ্যকৰী সভাপতি  প্ৰদ্যুৎ ভূঞা আৰু সম্পাদক মনোজ চৌধুৰীয়ে ৰাইজৰ লগতে খেলুৱৈ সকলক শলাই লয় ৷

 

Leave a Reply

Your email address will not be published. Required fields are marked *

*