শেহতীয়া
Home / অসম / সফলতাৰে অন্ত পৰিল মুগা মেলাৰ

সফলতাৰে অন্ত পৰিল মুগা মেলাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অসমৰ মুগা শিল্পৰ এক সুকীয়া পৰিচয় আছে। এই শিল্পৰ চাহিদা বৰ্তমান সময়ত ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত ব্যাপকভাবে বৃদ্ধি পাইছে। বাণিজ্যিক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি মুগা পালক সকল উপকৃত হোৱাকৈ অসম চৰকাৰৰ ৰেচম বিভাগে দুদিনীয়াকৈ অনুষ্ঠিত কৰে এখনি মুগামেলা। গুৱাহাটীৰ খানাপাৰাস্থিত চৰকাৰী বুনিয়াদী মুগা সঁচ পামত ইয়াৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এখনি মুগা কৰ্মশালাৰো।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা মেলাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰপৰা অহা ৰেচম পালক তথা বিষয়া কৰ্মচাৰীসকলে অংশগ্ৰহণ কৰে। উক্ত কৰ্মশালাখনিত মুগাশিল্পৰ লগত জড়িত বিভিন্ন দিশ যেনে, মুগা পলু পালন, নিৰোগী মুগা সঁচ উৎপাদন, মুগা পলুৰ খাদ্যৰ বৃক্ষৰোপন, প্ৰতিপালন আদি সম্পৰ্কে প্ৰশিক্ষণ দিয়া হয়। বিভিন্ন উন্নতমানৰ যন্ত্ৰৰদ্বাৰা কেনেদৰে মুগা সূতা কাটিব পাৰি, যন্ত্ৰসমূহৰ আৰ্থিক লাভালাভৰ বিষয় আদি নানান বিষয়ে আলোকপাত কৰে কেন্দ্ৰীয় ৰেচম বৰ্ডৰ বৈজ্ঞানিক আৰু ৰেচম বিভাগৰ বিভিন্ন সমল বিষয়াই। উক্ত অনুষ্ঠানতে মুগাৰ বিভিন্ন সাজপাৰো প্ৰদৰ্শিত হয়। মুগা মেলাখনিত অসম চৰকাৰৰ হস্ততাঁত বস্ত্ৰ আৰু ৰেচম বিভাগৰ মন্ত্ৰী ৰঞ্জিত দত্তই অংশগ্ৰহণ কৰি মুগা পালক সকলক উৎসাহিত কৰে। ৰেচম সূতাৰ উৎপাদন বৃদ্ধিৰে ৰাজ্য তথা দেশৰ অৰ্থনীতিলৈ আগবঢ়োৱা বৰঙণিৰ বাবে ধন্যবাদ জনায় প্ৰতিজন ৰেচম পালকক। উল্লেখযোগ্য, মুগা মেলাখনৰ প্ৰথম দিনৰ কাৰ্যসূচীত মূখ্যমন্ত্ৰীগৰাকীয়ে মুগা, এৰী আৰু পাট পলু আৰু সূতা উৎপাদনৰ শ্ৰেষ্ঠ পালকসকললৈ আৰ্থিক অনুদান আৰু বিভিন্ন যন্ত্ৰপাতি আগবঢ়াই মুগা পালক সকলক এই শিল্পৰ লগত আন্তৰিকভাৱে জড়িত হোৱাৰ বাবে আহ্বান জনায়।

এনেধৰণৰ মুগা মেলাই অসমৰ মুগা শিল্পক আৰু অধিক গতি প্ৰদান কৰিব লগতে ৰেচমপালক সকলো ইয়াৰদ্বাৰা যথেষ্ট উপকৃত হ’ব। এই মন্তব্য ৰেচম বিভাগৰ সঞ্চালক মুক্তানাথ শইকীয়াৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *

*