অসম

সমন্বয়-সম্প্ৰীতিৰ উদাত্ত আহ্বানেৰে আজান পীৰ দৰগাহৰ অধিবেশন-জিয়াৰতৰ সামৰণী

হজৰত আজান পীৰ দৰগাহস্থলীৰপৰা প্ৰণৱ খাটনিয়াৰ,প্ৰথম খবৰ: “আজান পীৰ চাহেব সুদুৰ বাগদাদৰ পৰা অসমলৈ আহিছিল এই ৰাজ্যৰ সোণসেৰীয়া ঐতিহ্যৰ বাবে৷ অসমৰ জাতীয় জীৱনৰ লগত ইছলামৰ ঐতিহ্যৰ সমন্বয় সাধন কৰি অসমৰ জাতীয় জীৱনক আপোন কৰি লৈছিল আজান ফকীৰে৷ পাকিস্তানৰ মুছলমানৰ লগত অসমৰ মুছলমানৰ আদৰ্শ কোনো মিল নাই৷ শংকৰ-আজান ফকীৰে গঢ়ি থৈ যোৱা অসমৰ জাউতিযুগীয়া সমন্বয়ৰ ভেটিত কিন্তু একাংশ ৰাজনৈতিক শক্তিয়ে সম্প্ৰতি যি বিভেদৰ বীজ ৰূপণ কৰিব বিচাৰিছে তাক আমি চুকাফা, শংকৰদেৱ অথৱা আজান ফকীৰৰ আদৰ্শৰে প্ৰতিহত কৰিবই লাগিব৷ কিয়নো দূৰদৰ্শনৰ মজিয়াত সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱা মন্তব্য দিয়া শিলাদিত্যদেৱৰ দৰে লোক সকল সমাজৰ আটাইতকৈ নিকৃষ্ট ব্যক্তিৰ শাৰীতহে পৰে৷”-দিখৌমুখৰ ঐতিহ্যমণ্ডিত স’ৰাগুৰি চাপৰিস্থিত হজৰত আজান পীৰ দৰগাহ শ্বৰীফৰ কালিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বাৰ্ষিক অধিবেশন আৰু জিয়াৰতৰ আজিৰ অন্তিম দিনৰ মুকলি সভাত বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকি এইদৰে মন্তব্য প্ৰকাশ কৰে প্ৰসিদ্ধ সাহিত্যিক তথা চিন্তাবিদ ইছমাইল হুচেইনে৷ লগতে ভাষণ প্ৰসংগত অধিবেশনৰ সভাস্থলীত উপস্থিত সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজক সমন্বয় আৰু সম্প্ৰীতিৰ উদাত্ত আহ্বান জনাই চিন্তাবিদ গৰাকীয়ে আৰু কয়-শ্ৰীমন্ত শংকৰে যেনেদৰে একশৰণ হৰি নাম ধৰ্ম প্ৰচাৰত মুছলমানৰ চান্দখাইক লৈ সম্প্ৰীতিৰ সাকোঁ গঢ়িছিল তেনেদৰে অসমলৈ আহোতে আজান ফকীৰেও কামৰূপ, নগাৱঁত শুনা বিহুগীতৰ সুৰৰ পৰা জিকিৰ ৰচনা কৰি হিন্দু-মুছলমানৰ সম্প্ৰীতিক দাঙি ধৰিছিল৷ হজৰত মহম্মদৰ প্ৰথম খন আত্দজীৱনী কোনো মুছলমানে লিখা নাছিল, লিখিছিল মহাদেৱ শৰ্ম্মাইহে৷ তেনেদৰে ইছলাম শব্দ “ৰছুল” নাম দি প্ৰথমটো প্ৰবন্ধও বলদেৱ মহন্তইহে লিখিছিল৷ অন্যহাতে অসমীয়া ভাষা ৰক্ষাৰ আন্দোলনত শ্বহীদ হোৱা ২২ গৰাকীৰ ভিতৰত ১৩ গৰাকীয়েই আছিল মুছলমান৷ সেয়ে আমি মুছলমান সকলে নিজক অসমীয়া জাতিৰ ঠাল-ঠেঙুলি বুলি ভৱা উচিত নহয়৷ আমি হৈছো মেৰুদণ্ড৷ আমাৰ শিপা গভীৰলৈ গ’লেহে ধুমুহাত গছ ভাগিলেও শিপাৰ পৰা পুণৰ গছ গজিব৷ সেই গছৰ ছাঁতে জিৰাই আমি সম্প্ৰীতিৰ কথা পাতিব পাৰিম৷” শিৱসাগৰ জিলা উপায়ুক্ত নাৰায়ন কোৱঁৰে উদ্বোধন অধিবেশনৰ উক্ত সভাত বিশিষ্ট জিকিৰ গৱেষক ড° ভূৱনেশ্বৰ ডেকা, মেঘালয়ৰ ইউনিভাৰচিটি অব চাইঞ্চ এণ্ড টেকন’লজীৰ আচাৰ্য মহবুবুল হক, যোৰহাটৰ মৌলানা আজমল হুচেইন, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড° আদিল উল য়াচিন, নাজিৰা সমষ্টিৰ বিধায়ক দেবব্ৰত শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শৰৎ হাজৰিকা, শিৱসাগৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি তুতু বৰঠাকুৰ আৰু শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক সুবুধ সোনোৱালো বিশিষ্ট অতিথি হিচাবে উপস্থিত থাকে৷ উল্লেখ্য ধৰ্মৰ ভেদাভেদৰ বাবেই একো একোটা জাতিৰ ধ্বংস হৈছে, কিন্তু এইক্ষেত্ৰত সম্প্ৰীতিৰ বাণীৰে উদ্ভুদ্ধ অসমীয়া জাতি সম্পূৰ্ণ ব্যতিক্ৰম বুলি উদ্বোধনী ভাষণ প্ৰদান কৰা জিলা উপায়ুক্ত নাৰয়ন কোৱঁৰে ভাষণ প্ৰসংগত সমন্বয় তথা ঐতিহ্যৰ স্থলী শিৱসাগৰত প্ৰস্তাৱিত আজান পীৰ ক্ষেত্ৰৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে পঞ্চাশ বিঘা মাটি প্ৰদান কৰা বুলি ঘোষণা কৰাৰ লগতে মধ্যপ্ৰাচ্যৰ মুছলমানো অসমলৈ আহিবৰ বাবে আগ্ৰহী বুলি মন্তব্য কৰি এইক্ষেত্ৰত আগন্তুক আন্তৰাষ্ট্ৰীয় শিৱ মহোৎসৱতে তেওঁলোকক কিদৰে অসমলৈ আমন্ত্ৰন জনাব সেই বিষয়ত আলোচনা কৰা হ’ব বুলি কয়৷ দৰগাহ পৰিচালনা সমিতিৰ সভাপতি মঃ জাকিৰুল হুচেইনে আদৰণী অভিভাষণ আগবঢ়োৱা তথা সাধাৰণ সম্পাদক ইনামূল হাজৰিকাই সম্পাদকীয় প্ৰতিবেদন পাঠ কৰা সভাত স্মৃতিগ্ৰন্থ “স’ৰাগুৰিৰ আজান” উন্মোচন কৰে ড° আদিল উল য়াচিনে৷ স্মৃতিগ্ৰন্থ উন্মোচন কৰি উন্মোচক য়াচিনেও শংকৰ-আজান ফকীৰে গঢ়ি থৈ ৰাজ্যখনৰ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতি দূৰ্ভাগ্যবশত সম্প্ৰতি লোপ পাব ধৰিছে বুলি খেদ প্ৰকাশ কৰি নৈতিকতাৰ আধাৰত সমাজৰ পৰা হিন্দু-মুছলমানৰ মাজৰ পৰা সন্দেহৰ বাতাবৰণ আতৰালেহে সমাজ বৰ্তি থাকিব বুলি মন্তব্য প্ৰকাশ কৰে৷ সভাত আচাৰ্য মহবুবুল হকেও ভাষণ প্ৰদান কৰি আজান পীৰ চাহেবৰ, শংকৰদেৱৰ দৰে আধ্যাত্মিক নেতাসকলৰ মহান আদৰ্শক কেৱল অসম নহয় বিশ্বৰ নৱপ্ৰজন্মৰ মাজত চিনাকি কৰোৱাবৰ বাবে এওঁলোকৰ জীৱন দৰ্শনৰ বিষয়ত আন্তৰাষ্ট্ৰীয় পৰ্যায়ত গৱেষণা প্ৰাসংগিকতা আছে বুলি মন্তব্য প্ৰকাশ কৰি এইক্ষেত্ৰত তেওঁৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰাই শংকৰ আৰু আজান ফকীৰৰ সমান্তৰাল এক গৱেষণা কৰাৰ আৰম্ভ কৰিব বুলি আচাৰ্য গৰাকীয়ে ঘোষণা কৰে৷ অন্যহাতে আচাৰ্য গৰাকীয়ে আজিৰ সভাতে আজান পীৰ দৰগাহ পৰিচালনা সমিতিক পাচঁজনকৈ মেধাৱী দুখীয়া ছাত্ৰ-ছাত্ৰীক আগবঢ়াই দিলে তেওঁৰ বিশ্ববিদ্যালয়ে বিনামূলীয়াকৈ অধ্যয়নৰ সুবিধা প্ৰদান কৰিব বুলিও আনুস্থানিক ভাৱে ঘোষণা কৰে৷ অনাতাৰ শিল্পীবৃন্দ ইদুল আলি আহমেদ, বাবুল আলি আহমেদ, নেকিব আহেমেদ, আজিমুদ্দিন আহমেদ আৰু চামচুদ্দিন আহমেদে কেৰাত পাঠ আৰু জিকিৰ পৰিবেশনেৰে আৰম্ভ হোৱা তথা বিধায়ক দেৱব্ৰত শইকীয়াই শুভেচ্ছামূলক বক্তব্য আগবঢ়োৱা সভাত আছুৰ নেতা শৰৎ হাজৰিকাইও ভাষণ প্ৰদান কৰি অসম চৰকাৰে আজান পীৰ চাহেবৰ নামত প্ৰৱৰ্তন কৰা আজান পীৰ বটাটি ২০১৫ চনৰ প্ৰদান নকৰাক লৈ গভীৰ আচৰ্য প্ৰকাশ কৰে৷ এইক্ষেত্ৰত নেতা গৰাকীয়ে অসম চৰকাৰক প্ৰতিবছৰেই পীৰ জনাৰ স্মৃতিত প্ৰণয়ন কৰা বটাটি এই দৰগাহস্থলীতে এক যোগ্য অনুষ্ঠান আয়োজনেৰে প্ৰদান কৰিবৰ বাবে দাৱী জনাই৷ আজিৰ সভাতে অধিবেশনৰ কালি অনুস্থিত হৈ যোৱা সদৌ অসম জিকিৰ প্ৰতিযোগিতাত নিৰ্বাচিত শিল্পী বৃন্দক অধিবেশন উদযাপন সমিতিয়ে নগদ ধন আৰু মান পত্ৰেৰে পুৰস্কৃত কৰে৷ এনেদৰে অধিবেশনৰ মুকলি সভাত উপৱিস্ত প্ৰতিগৰাকীৰ আমন্ত্ৰিত অতিথিৰ সমন্বয়-সম্প্ৰীতি ৰক্ষাৰ উদাত্ত আহ্বানেৰে ঐতিহাসিক স’ৰাগুৰি চাপৰি স্থিত আজান পীৰ দৰগাহ শ্বৰীফৰ বাৰ্ষিক অধিবেশন আৰু জিয়াৰতৰ আজি সফল সমাপ্তি ঘটে৷

Related Articles

Leave a Reply

Close