অসমসাহিত্য

সামৰণি পৰিল ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: অৱশেষত সামৰণি পৰিল ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ। কেন্দ্ৰীয় চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ পৃষ্ঠপোষকতাত নেশ্যনেল বুক ট্ৰাষ্ট, ইণ্ডিয়া তথা অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আয়োজিত এই সাহিত্য উৎসৱত যোৱা দুদিন দেশ-বিদেশৰ আমন্ত্ৰিত লেখক সাহিত্যিকসকলে অংশগ্ৰহণ কৰে। কবিতা পাঠ,কথাশিল্পৰ তত্ত্বগধুৰ আলোচনা সত্ৰ, অনুবাদ সাহিত্যৰ বিষয়ে গুৰুত্বপূৰ্ণ প্ৰসংগ উত্থাপনেৰে লেখক-সাহিত্যিকসকলে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱক উচ্চস্তৰীয় মাত্ৰা প্ৰদান কৰে। তদুপৰি গুৱাহাটী তথা আন আন স্থানৰ আগশাৰীৰ মহাবিদ্যালয়ৰ প্ৰায় ৩ সহস্ৰাধিক ছাত্র-ছাত্ৰীয়ে যোৱা দুদিনত সাহিত্য উৎসৱত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। ছাত্ৰ-ছাত্ৰীসকলক এই অনুষ্ঠানত সম্পূৰ্ণ ৰূপে বিনামূলীয়াকৈ অংশগ্ৰহণৰ সুবিধা প্ৰদানৰ লগতে তেওঁলোকক একোটাকৈ কিট্ বেগ প্ৰদান কৰা হয়। উল্লেখ্য যে ছাত্ৰ-ছাত্ৰীসকলক নেতৃত্ব দি অনা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱে সাহিত্য ক্ষেত্ৰৰ লগতে শৈক্ষিক ক্ষেত্ৰলৈও আশাব্যঞ্জক শুভ বাৰ্তা প্ৰদান কৰা বুলি মন্তব্য কৰে। বিশেষকৈ প্ৰথিতযশা সাহিত্যিকসকলক ওচৰৰ পৰা লগ পোৱা তথা তেওঁলোকৰ মনপৰষা আলোচনা শুনি ছাত্র-ছাত্ৰীসকলে আনুষ্ঠানিক শিক্ষা জীৱনত উপকৃত হোৱাৰ উপৰি সাহিত্য সৃষ্টিৰ প্ৰতিও আগ্ৰহী হ’ব বুলি আশা প্ৰকাশ কৰে কেইবাখনো আগশাৰীৰ মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাই। সাহিত্য উৎসৱৰ আলোচনা চক্ৰ সমুহত অংশগ্ৰহণ কৰে প্ৰখ্যাত সাহিত্যিক শিৱ প্ৰকাশ, প্ৰদীপ আচাৰ্য্য, ডেভিদ ক’লিন, অশোক ফেৰী, নাছৰিন জাহান, জেক অ’ য়াহ আৰু মিত্ৰা ফুকনৰ দৰে প্ৰথিতযশা সাহিত্যিকসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close