অসমগুৱাহাটী

স্পৰ্ছৰ দহ বছৰ

সৌৰভ জ্যোতি গোস্বামীৰ বিশেষ প্ৰতিবেদন,প্ৰথম খবৰ: গুৱাহাটীৰ প্ৰী-স্কুল তথা মন্টেশ্বৰী শিক্ষাৰ ক্ষেত্ৰত এখন অন্যতম শিক্ষা প্ৰতিষ্ঠান হৈছে স্পৰ্ছ। শেহতীয়াকৈ, স্পৰ্ছে সম্পূৰ্ণ কৰিলে দহ বছৰ। শংকৰদেৱ কলাক্ষেত্ৰৰ ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ লগত সংগতি ৰাখি শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত স্পৰ্ছেও উদ্‌যাপন কৰিলে তেওঁলোকৰ দহ বছৰীয়া যাত্ৰা। এই অনুষ্ঠানত প্ৰথমে জন্মলগ্নৰেপৰা স্পৰ্ছৰ লগত জড়িত হৈ থকা কিছুসংখ্যক লোকক সম্বৰ্ধনা জনায় ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ সচিব প্ৰতীক হাজেলাই। তাৰপিছত ফুলৰ থোপা আৰু গামোছাৰে সম্বৰ্ধনা জনোৱা হয় আমন্ত্ৰিত বিশিষ্ট অতিথিসকলক। লক্ষণীয়, এই অনুষ্ঠানত আমন্ত্ৰিত বিশিষ্ট অতিথিৰ তালিকাত আছিল বিশিষ্ট কণ্ঠশিল্পী অনিন্দিতা পাল আৰু মৌচুমী চহৰীয়া। তেওঁলোকক সম্বৰ্ধনা জনোৱাৰ অন্তত বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থীসকলে নৃত্য পৰিবেশন কৰে আৰু উপস্থিত দৰ্শকসকলক নিজৰ নিজৰ নৃত্যৰে আপ্লুত কৰে। উল্লেখ্য, এক উখল-মাখল পৰিবেশৰ মাজেৰে উদযাপিত হয় এই বিশেষ অনুষ্ঠানটো।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close