অসম

হাৰিভাঙাত বীজ গাঁও আঁচনিৰ প্ৰশিক্ষণ শিৱিৰ সম্পন্ন  

টিহুৰ পৰা পংকজ বেজবৰুৱা, প্ৰথম খবৰ:
টিহু মহকুমাৰ হাৰিভাঙাত মঙ্গলবাৰে নলবাৰী জিলাৰ কৃষি বিভাগ আৰু অসম বীজ নিগম পৰিসীমিতৰ উদ্যোগত তথা টিহু মহকুমা কৃষি বিভাগৰ সহযোগত বীজ গাঁও আঁচনিৰ এক প্ৰশিক্ষণ শিবিৰ সমাপন হয় ।‌ হাৰিভাঙাস্থিত ৪৫ নম্বৰ নামবৰভাগ গাঁও পঞ্চায়তৰ সভাকক্ষত আয়োজিত এই শিবিৰ উদ্বোধন কৰি নলবাৰী জিলা কৃষি বিষয়া প্ৰণৱ শইকীয়াই আদৰ্শ বীজ গাঁৱৰ প্ৰয়োজনীয়তা , লক্ষ্য, উদ্দেশ্য আদি সন্দৰ্ভত বিতংভাৱে কয়।‌ নলবাৰী মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজমেধিয়ে কৃষি কাৰ্যত বৈজ্ঞানিক পদ্ধতিৰ ব্যৱহাৰ, উন্নত বীজ বাছনি পদ্ধতি , চিনাক্তকৰণ , সংৰক্ষণ পদ্ধতি , বীজ ৰোপণ পদ্ধতি, বীজ গাঁও হিচাপে চিহ্নিত গাঁৱত এই বীজৰ পৰা হোৱা সুবিধা আদি সন্দৰ্ভত বহলাই ব্যাখ্যা আগবঢ়ায়। টিহু মহকুমা কৃষি বিভাগৰ কৃষি সম্প্ৰসাৰণ সহায়ক কুমুদ গোস্বামীয়ে আঁতধৰা প্ৰশিক্ষণ শিবিৰটোত অসম বীজ নিগমৰ নলবাৰী শাখাৰ পৰিচালক জগদীশ হালৈ আৰু টিহু কৃষি মহকুমাৰ কৃষি উন্নয়ন বিষয়া সৰজু দাসেও প্ৰাসংগিক ভাষণ দিয়ে । ‌৪৫ নম্বৰ পশ্চিম নামবৰভাগ গাঁও পঞ্চায়তৰ সভাপতি উমাকান্ত পাঠকৰ পৌৰোহিত্যত এই উপলক্ষে হোৱা এখন সভাত টিহু কৃষি মহকুমাৰ সহকাৰী কৃষি পৰিদৰ্শক লক্ষ্মণ দাস , কৃষি সম্প্ৰসাৰণ সহায়ক কমলেশ্বৰ শীল ,টিহু দক্ষিণাঞ্চল কৃষক পৰিষদৰ সম্পাদক ধীৰেণ বৰ্মন , অসম গ্ৰামীণ বিকাশ বেংকৰ হাৰিভাঙা শাখাৰ পৰিচালক জোনমণি মেধি প্ৰমুখ্যে কেইবাগৰাকী লোকে কৃষকসকলৰ সৈতে মত বিনিময় কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close