অসম

১৪৪ ধাৰা,চি চি টিভিৰ নিৰীক্ষণত সফলতাৰে প্ৰথমদিনা পৰীক্ষা অন্ত বোৰ্কা সাঁতগাঁ‌ও হাইস্কুল কেন্দ্ৰত

চাংসাৰিৰ পৰা পঙ্কজ নাথ, প্ৰথম খবৰ :

আজি শুক্ৰবাৰৰ পৰা ৰাজ্যজুৰি আৰম্ভ হয় হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা । অসম মাধ্যমিক শিক্ষা সাংসদ (ছেবা) ৰ পৰিচালনাত অনুষ্ঠিত এই পৰীক্ষাত কমলপুৰ সমষ্টিৰ অন্তৰ্গত বোৰ্কা সাঁ‌তগাঁ‌ও হাইস্কুল পৰীক্ষা কেন্দ্ৰত ১৪খনকৈ বিদ্যালয়ৰ সৰ্বমুঠ ৪৭৭ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে । ইয়াৰ ভিতৰত ২৪৩গৰাকী ছাত্ৰ আৰু ২৩৪ গৰাকী ছাত্ৰী। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনামৰ্মে চাৰিটাকৈ চি চি টিভিৰ নিৰীক্ষণত কামৰূপ প্ৰশাসনে জাৰি কৰা ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ নিৰাপত্তাৰ মাজত এই কেন্দ্ৰটোত প্ৰথম দিনা সূচাৰুৰূপে পৰীক্ষা অনুষ্ঠিত হৈ যায় । জিলা প্ৰশাসনে এই পৰীক্ষা কেন্দ্ৰটোত নিয়োগ কৰা কমলপুৰ আৰক্ষী বিষয়া প্ৰদীপ কুমাৰ তালুকদাৰৰ নেতৃত্বত এটা আৰক্ষী গোটৰ লগতে বোৰ্কা গাঁ‌ওৰক্ষী বাহিনীৰ সদস্যই কটকটীয়াভাৱে কেন্দ্ৰটোত নিৰাপত্তা প্ৰদান কৰে। এই কেন্দ্ৰটোত ছেবাৰ পৰা পৰীক্ষা পৰ্যবেক্ষক হিচাপে সুবল পাঠক আৰু ব্ৰজেন দত্তক নিযুক্ত দিয়া হৈছে। আজিৰ পৰীক্ষা সুচাৰুৰূপে অতিবাহিত হোৱাৰ পিছত পৰীক্ষা কেন্দ্ৰ নিয়ন্ত্ৰক সঞ্জয় চন্দ্ৰ কলিতাই আজিৰ দৰে পৰৱৰ্তী পৰীক্ষাৰ বাকীকেইদিনটো শিক্ষামন্ত্ৰীৰ লগতে শিক্ষা বিভাগৰ সকলো নিৰ্দেশনা মানি চলিবলৈ ৰাইজ তথা অভিভাৱকসকলক আহ্বান জনাইছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close