Home / অসম / ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট ভাৰতৰ দখলত   
google

১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট ভাৰতৰ দখলত   

স্পোৰ্টচ্ ডেস্ক, প্ৰথম খবৰ: ১৯ অনুৰ্ধ্ব বিশ্বকাপ ক্ৰিকেট ২০১৮ ৰ ফাইনেলত শণিবাৰে ভাৰতে ইতিহাস ৰচিলে। ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটৰ ব্যৱধানত হৰুৱাই ৰেকৰ্ড সংখ্যক চতুৰ্থ বাৰৰ বাবে বিশ্বকাপ দখল কৰে।  ইয়াৰ আগতে ভাৰত ২০০০, ২০০৮ আৰু ২০১২ ত বিশ্বকাপ জয়ী হৈছিল। অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং লৈ ভাৰতৰ সন্মুখত ২১৭ ৰাণৰ টাৰ্গেত থিয় কৰায়। অষ্ট্ৰেলিয়া দল ৪৭.২ অভাৰত ২১৬ ৰাণ কৰি অল আউট হয়। পিছত ভাৰতে ১১ অভাৰ বাকী থাকোতেই খেলখনত জয়লাভ কৰে। মনজোৎ কালৰায়ে অপৰাজিতভাৱে ভাৰতৰ হৈ সৰ্বাধিক ১০১ ৰাণ সংগ্ৰহ কৰে। বি চি চি আয়ে ভাৰতৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ক ৫০ লাখ টকা আৰু দলৰ সদস্য সকলক ৩০-৩০ লাখ টকাকৈ তথা স্পৰ্টচ্ স্টাফ সকলক ২০-২০ লাখ টকা দিব বুলি ঘোষণা কৰে। ভাৰত জয়ী হোৱাৰ পিছত মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে কয় যে,বিগত ১৪ মাহৰ কষ্ট সফল হোৱাৰ লগতে চতুৰ্থ বাৰৰ বাবে ভাৰতে বিশ্বকাপ জয় কৰিলে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*