অসম

৩০ বছৰ পিছত ফেচবুকৰ জৰিয়তে পৰিয়ালৰ খবৰ পাই শোকত ভাগি পৰিছে ওদালগুৰিৰ নিৰ্মল ৰাভাই

প্ৰথম খবৰ,বৰহাটঃ পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ বাবে আজিৰ পৰা ৩০ বছৰ পূৰ্বে ওদালগুৰি ২নং চিঙ্গ গাঁৱৰ দহজন নিবনুৱা যুৱকৰ স’তে কৰ্ম সূত্ৰে এজন ঠিকাদাৰ নেতৃত্বত শিৱসাগৰ জিলাৰ মাইবেলালৈ আহিছিল ১২বছৰীয়া নিৰ্মল ৰাভাই। কাম শেষ হোৱাৰ পাছত যুৱক কেইজন ওদালগুৰিলৈ ঘূৰি যায়। এৰি থৈ যায় নিৰ্মলক। অকলশৰীয়া নিৰ্মলে ঘৰলৈ যাব নোৱাৰি মথুৰাপুৰ ভকত গাওঁত এজন খেতিয়কৰ ঘৰত দুই বছৰ হালোৱা খাতি পুনৰ বৰহাট বৰপথাৰ গাঁৱৰ শুভ্ৰ সোণোৱালৰ ঘৰত ৮ বছৰ হালোৱা থাকাৰ পাছত অসম-অৰুণাচল সীমান্তৱৰ্তী হালোৱা গাঁৱৰ নিবাসী বিৰেশ্বৰ ঘৰ ফলীয়াৰ বাসগৃহত আজি পৰ্যন্ত হালোৱাহৈ আছে। ইতিমধ্যে ৪৫ বছৰীয়া নিৰ্মল ৰাভাই হালোৱা গাঁৱৰৰ এগৰাকী যুৱতীৰ স’তে বিবাহ কৰাই ঘৰ সংসাৰ কৰে। উল্লেখ্য যে আজি সুদীৰ্ঘ ৩০ বছৰ পাছত ছ’চিয়েল মিডিয়াৰ ফেচবুকৰ জৰিয়তে ওদালগুৰিৰ চিঙ্গ গাঁৱৰ পিতৃ মোহিৰাম ৰাভাৰ ফটো দেখি শোকত ভাগি পৰিছে। তদুপৰি সুদীৰ্ঘ বছৰ ধৰি হালোৱা গাঁৱত থাকি সকলোৱে আপোন হৈ পৰা,সহজ সৰল মনৰ সকলোৱে পৰিচিত ‘ৰাভাকাই’ আজি গাওঁ এৰি যাবলৈ ওলোৱাত বিৰেশ্বৰ পৰিয়ালৰ লগতে গাওঁবাসীয়ে আনন্দৰৰ লগতে শোকত ভাগি পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close