অসমনলবাৰী

ৰঙিয়াত চিআৰপিএফৰ পানীৰ ফিল্টাৰ বিতৰণ

প্ৰথম খবৰ,ৰঙিয়া: নলবাৰী জিলাত শিবিৰ স্থাপন কৰা কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ ১৩৬ বেটেলিয়নে আজি ২০১৭ – ২০১৮ বৰ্ষৰ জনকল্যাণমূলক কাৰ্যসূচীৰ অধীনত ৰঙিয়া কৃষক শ্বহীদ ৰাইজ মেল ভৱনত অনুষ্ঠিত এক অনুষ্টানৰ জৰিয়তে ৰঙিয়া মহকুমাৰ ৪০ খন বিদ্যালয়ক বিশুদ্ধ খোৱা পানীৰ ফিল্টাৰ বিতৰণ কৰে। এই কাৰ্যসূচীত বিদ্যালয় সমূহৰ শিক্ষক শিক্ষয়ত্ৰী ছাত্ৰ-ছাত্ৰীৰ উপৰিও কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ (চি আৰ পি এফ) অধিনায়ক পি.চি.চৌহান বাহিনীৰ উপ-অধিনায়ক অৰবিন্দ নন্দা, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, মহকুমা আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ পেগু,ৰাজহ চক্ৰ বিষয়া এমিলী বৰুৱা,খণ্ড শিক্ষা বিষযা প্ৰবীন চন্দ্ৰ ৰাভা খণ্ড উন্নয়ন বিষয়া ধনজিৎ দত্ত,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ কলিতা আৰু বাহিনীৰ সমবায় অধিকাৰী ৰামকুমাৰ ঝা উপস্থিত থাকে ।অনুষ্টানত চি আৰ পি এফৰ কমাণ্ডাৰ পি.চি .চৌহানে ভাষন প্ৰসংগত কয় যে, স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি বিশুদ্ধ খোৱা পানীৰ অতি প্ৰয়োজন। বিগত সময়ত বাহিনীয়ে নাগৰিকৰ সুবিধাৰ্থে বিনামূলীয়া ঔষধ যোগান, বিনামূলীয়া স্বাস্থ্য শিবিৰ আৰু বিশুদ্ধ খোৱা পানীৰ বাবে ফিল্টাৰ সমূহ বিতৰণ কৰি আহিছে। অনাগত দিনতো বাহিনীয়ে এনেদৰে জনকল্যাণমূলক কাম কাজ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। অনুষ্টানত বিভিন্ন বক্তাই সংৰক্ষিত বাহিনীৰ এই ধৰণৰ জনকল্যাণমুলক কামৰ ভূয়সী প্ৰশংসা কৰে।

Related Articles

Leave a Reply

Close