অসম

ৰঙিয়া  পৌৰকৰ্মীৰ ধৰ্মঘটত অচল পৌৰসভা

প্ৰথম খবৰ, ৰঙিয়া: সদৌ অসম পৌৰ নিকায় কৰ্মচাৰী সন্হাৰ আহ্বান মৰ্মে  সমগ্ৰ ৰাজ্যজুৰি আহ্বান দিয়া ধৰ্মঘটৰ ফলত  ৰঙিয়াৰ স্বাভাবিক জনজীৱন  স্তব্ধ হৈ পৰিছে।  পৌৰ কৰ্মী সকলৰ  চাকৰি নিয়মীয়া  কৰণ ,বকেয়া  দৰমহা আদায়, প্ৰাৰ্থী সকলৰ চাকৰী  চৰকাৰী কৰণ আদিকে ধৰি দহ দফীয়া দাবীৰ ভিত্তিত তৃতীয় পৰ্যায়ৰ “সৰ্বাত্মক ধৰ্মঘট” কাৰ্যসূচী ৰঙিয়া পৌৰসভাৰ  কৰ্মচাৰী সকলেও  পালন কৰে। ফলস্বৰূপে ৰঙিয়া পৌৰসভাৰ সকলো ধৰনৰ কামকাজ স্তব্ধ হৈ পৰে  । কালিৰে  পৰা আৰম্ভ  হোৱা  এই  ধৰ্মঘট  অহা ২১ ফেব্ৰুৱাৰীলৈ চলিব  বুলি সন্থাৰ তৰফৰ পৰা জনোৱা হৈছে । ইপিনে  পৌৰসভাৰ পৌৰ কৰ্মচাৰীৰ তৃতীয় পৰ্য্যায়ৰ কৰ্মবিৰতি থকা সত্বেও ৰাইজৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি কালি পৌৰ কৰ্মচাৰীৰ দ্বাৰা চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰা হয় বুলি জানিবলৈ দিয়ে সদৌ অসম পৌৰ-নিকায় কৰ্মচাৰী সন্হাৰ ৰঙিয়া শাখাৰ সম্পাদক গণেশ স্বৰ্গীয়াৰীয়ে। , ১২ ফেব্ৰুৱাৰীৰ  পুৱা ৭ বজাৰ পৰা ২১ ফেব্ৰুৱাৰী  আবেলি ৫ বজালৈকে ৰাজ্যৰ ৯৬ খন পৌৰসভা আৰু নগৰ সমিতিৰ কৰ্মচাৰী সকলে ১০ দিনীয়া সৰ্বাত্মক ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব বুলি তেওঁ কয়। বৰ্তমান চলি থকা আন্দোলনৰ সময়ছোৱাত এনআৰচি, অত্যাৱশ্যকীয় সেৱা পানী যোগান আৰু বিজুলী সেৱাৰ কাম অব্যাহত থাকিব বুলি  তেওঁ জানিবলৈ দিয়ে  । পৌৰ কৰ্মী সকলৰ  এনে কঠোৰ  পদক্ষেপত আগন্তুক দিনত ৰঙিয়া  চহৰবাসীয়ে সৰ্বদিশতে চৰম  দুৰ্ভোগ ভোগ কৰাটো নিশ্চিত হৈ পৰিছে  ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close