অসমগুৱাহাটী

ৰঙিয়াত এন আৰ চি কেন্দ্ৰত ৬০ বছৰ পিচত দুই ভাতৃৰ মিলন

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়াৰ এটা এন আৰ চি কেন্দ্ৰত প্ৰায় ছয় দশকৰ বিৰতিত দুই ভাতৃ তথা পৰিয়ালৰ মাজত হোৱা মিলনৰ এক দৃশ্যই সকলোক আনন্দত আত্মহাৰা কৰি তুলিছে। ৰঙিয়া কৰৰা গড়ভিতৰ গাঁৱৰ প্ৰয়াত হাঁহিৰাম দাস আৰু প্ৰয়াত শুকন্তি বালা দাসৰ দুই পুত্ৰ গবিন দাস আৰু ভৱ ডেকাৰ মাজত বিগত প্ৰায় ৬০ বছৰে নাছিল কোনো চিনাকী। এন আৰ চিৰ বংশবৃক্ষ পৰীক্ষণৰ বাবে টংলাৰ পৰা আজি আহি ৰঙিয়া পদুম কুৱৰী পঞ্চায়তত উপস্থিত হৈছিল ভৱ ডেকাই । তাতে দুয়ো ভাতৃৰ চিনাকী হৈ দুয়োয়ে দুয়োকে সাৱতি ধৰি কান্দোনত ভাঙি পৰে । আনকি দুয়োটা পৰিয়ালৰ সকলো সদ্যই আবেগিক হৈ এন আৰ চি কেন্দ্ৰটোত কান্দোনত ভাঙি পৰাত সকলোকে আবেগিক কৰি তোলে।

ঘটনাৰ বিষয়ে জানিব পৰামতে, প্ৰয়াত হাঁহিৰাম দাস আৰু প্ৰয়াত শুকন্তি বালা দাসৰ দুই পুত্ৰৰ ভিতৰত সৰু পুত্ৰ ভৱ দাস বৰ্তমানৰ ভৱ ডেকাই তেওঁৰ ১০ বছৰ বয়সতে ঘৰৰ পৰা আঁতৰি গৈছিল। তেতিয়াৰ পৰা পিতৃ মাতৃ তথা ডাঙৰ ভাতৃ গবিন দাসৰ লগত সম্পৰ্ক নাছিল ভৱ ডেকাৰ। ভৱই এনেদৰে ঘৰৰ পৰা আঁতৰি থাকি টংলাত কাম-বন কৰি তাত বিয়াবাৰু কৰি নিগাজিকৈ থাকিবলৈ লয়। বহু বছৰ ঘৰৰ পৰা এনেদৰে আঁতৰি থকাৰ পিচত আনকি এটা সময়ত নিজৰ ঘৰখনৰ পৰিচয় পাহৰি পেলাই ভৱ ডেকাই। নিজৰ ল’ৰা ছোৱালী জন্ম হোৱাৰ পিচত বৰ্তমান ৬০ বছৰত ভৰি দিয়া ভৱই ঘৰখনৰ কথা মনত পৰি প্ৰায় ছয় মাহ পূৰ্বে ৰে’লেৰে ৰঙিয়ালৈ আহি পিতৃ-মাতৃ আৰু ডাঙৰ ভায়েকৰ পৰিচয় বিছাৰে যদিও কোনোধৰণৰ পৰিচয় উলিয়াব নোৱাৰি পুনৰ টংলাৰ বালিপাৰাৰ নিজ গৃহ চমুৱাপাৰালৈ উভতি যায়। কিন্তু এন আৰ চিৰ লিগেচি ডাটাত ৰঙিয়াৰ গবিন দাস আৰু ভৱ ডেকাৰ পিতৃৰ পৰিচয় একে হোৱাৰ বাবে ৰঙিয়াৰ পৰা বংশবৃক্ষ পৰিক্ষণৰ বাবে ভৱ ডেকাৰ লগতে ৰঙিয়া কৰৰা গড়ভিতৰ গাঁৱৰ গবিন দাসলৈ জাননী প্ৰেৰণ কৰি আজি অৰ্থাত ২৮ ফেব্ৰুৱাৰীত ৰঙিয়া পদুম কুৱৰী পঞ্চায়তৰ এন আৰ চি কেন্দ্ৰত উপস্থিত হ’বলৈ কোৱা হয়। সেইমতে আজি দুয়োটা পৰিয়ালে উক্ত পঞ্চায়তটোত উপস্থিতহৈ দুয়োজনে নিজৰ ভাতৃৰ পৰিচয় পাই কান্দোনত ভাঙিপৰে। ইফালে পিতৃ মাতৃৰ মৃত্যুৰ খবৰ আনফালে ভাতৃৰ লগত চিনাকী,এনে এক পৰিবেশত ভাতৃ ভৱ ডেকা অধিক ভাঙি পৰা দেখা যায়। আনকি দুয়োটা পৰিয়ালৰ আন সদস্য সকলে দুয়ো ভাতৃৰ ভৰি চুই সেৱা লোৱা পৰিলক্ষিত হয়।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close