অসম

ৰঙিয়াত মাৰনাস্ত্ৰ সহ ২ দুৰ্বৃত্ত আটক, ৪ জাঁই সজীৱ গুলী উদ্ধাৰ

প্ৰথম খবৰ,ৰঙিয়াঃ ৰঙিয়া আৰক্ষী আৰু সেনাৰ ২১ নং মহাৰাজ ৰেজিমেন্টে যুটীয়া  অভিযান চলাই আজি আটক কৰে দুই  দুৰ্বৃত্ত। আটকাধীন দুৰ্বৃত্ত দুজনৰ জিম্মাৰ পৰা এটা  ৯ এম এম পিস্তল সহ চাৰিজাই সক্ৰিয় গুলী উদ্ধাৰ হয়। ৰঙিয়া থানাৰ  ভাৰপ্ৰাপ্ত বিষয়া পৰমানন্দ কলিতাই জানিবলৈ দিয়ামতে, ৰঙিয়াৰ সমীপৰ চেপ্তিত দুৰ্বৃত্ত দুজনে  আন তিনিজন সতীৰ্থৰ লগত ডকাইতি কৰাৰ পৰিকল্পনাৰে ৰৈ আছিল। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ডকাইত দুজনৰ সন্ধানত নামি পৰে। আৰক্ষীৰ এটি অভিযানকাৰী দল চেপ্তি চকত উপস্থিত হোৱাৰ লগে লগে একে সময়তে নলবাৰীস্থিত সেনাৰ  ২১ নং মহাৰ ৰেজিমেন্টৰ দলটিয়েও চেপ্তিত উপস্থিত হয়। লগে লগে সেনা আৰু আৰক্ষীয়ে অঞ্চলটো ঘেৰাও কৰি তলাচী চলোৱাত দুজন যুৱক আটক কৰে। ডকাইত দুজনৰ এজনক  দক্ষিণ  শালমাৰাৰ ফিকামাৰী গাঁৱৰ জাকিৰ হুছেইন, আৰু আনজনক নগৰবেৰাৰ বাদলা বজাৰৰ ইব্ৰাহিম আলী বুলি চিনাক্ত কৰা হয়। তেওঁলোকে আন তিনিজন সহযোগীৰ সৈতে ট্ৰাকত  ডকাইতি কৰাৰ বাবে পৰিকল্পনা কৰি সহযোগী তিনিজনৰ অপেক্ষাত চেপ্তিৰ চকত ৰৈ আছিল বুলি স্বীকাৰোক্তি দিয়ে। আজি আবেলি ৰঙিয়া সদৰ থানাৰ টাউন উপ-পৰিদৰ্শক তথা তদন্তকাৰী বিষয়া কৃষ্ণেন্দু পাঠকে ডকাইত দুয়োজনকে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদলতত হাজিৰ কৰে। আদালতে তেওঁলোকক দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। আটকাধীন দুৰ্বৃত্ত দুজনে অস্ত্ৰ ব্যৱসায়ৰ লগত জড়িত থকাৰ সম্ভাৱনা নুই কৰা নাই ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close