অসম

ৰহাৰ ৰাষ্টীয় ঘাইপথত ভয়ঙ্কৰ দুৰ্ঘটনা


ৰহাৰ পৰা পলাশ হাজৰীকা, প্ৰথম খবৰ: ৰহাৰ বগৰীগুৰিত আজি দুপৰীয়া সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা ৷ গুৱাহাটীৰ পৰা নগাঁও অভিমূখী AS 01 AR 6939 নম্বৰৰ আই টেনৰ প্ৰচণ্ড খুন্ডা মাৰে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কালভাৰ্টত৷ দূৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় ৪জন লোক। আহতসকলক ততাতৈয়াকৈ ৰহাৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷ আহতসকলক বৰ্তমানলৈ চিনাক্ত কৰিব পৰা হোৱা নাই৷ দূৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে আই টেনখনৰ সন্মুখভাগ বিধস্তপ্ৰায় হৈ পৰাৰ লগতে চকাখুলি বহু দূৰৈত চিটিকি পৰে ৷ চালকৰ অসাৱধানতাবশত দূৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close