অসম

ৰূপহীত পথৰ আধাৰশিলা স্থাপন বিধায়ক নুৰুল হুদাৰ

প্ৰথম খবৰ ,ৰূপহীহাট:নগাঁও জিলাৰ ৰূপহীহাট সমষ্টিৰ অন্তৰ্গত গেৰেকী পঞ্চায়তৰ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ এটি পথৰ ৰবিবাৰে আধাৰশিলা স্থাপন কৰা হয় ৷ বছৰ বছৰ ধৰি ৰাইজক জ্বলাকলা খুৱায় থকা পথটি  প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণৰ পদক্ষেপ লোৱাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে ৷ গেৰেকী পঞ্চায়তৰ কুমাৰগাঁও – ঔঅনা পথৰ আধাৰশিলা স্থাপন কৰি বিধায়ক নৰুল হুদাই কয় যে-পথৰ উন্নতি অবিহনে সমাজ এখনৰ উন্নয়ন সম্ভৱ নহয় ৷ ৰাইজৰ সমস্যাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই কামটো কৰিবলৈ লোৱা হৈছে বুলি কৈ এই কামত ৰাইজক চোকা দৃষ্টি ৰাখিবলৈ আহ্বান জনায় যাতে ঠিকাদাৰে কামটো সূচাৰূৰূপে কৰিবলৈ বাধ্য হয় ৷ পথটোৰ আধাৰশিলা স্থাপনৰ উক্ত কাৰ্যসূচীত গেৰেকী পঞ্চায়ত, গটঙা পঞ্চায়ত আৰু বৰঘাট গাঁও পঞ্চায়তৰ প্ৰতিনিধিসহ বহু লোক উপস্থিত থাকে।

Related Articles

Leave a Reply

Close