অসম

ৰূপহীহাটৰ তাৰাবাৰীৰ দক্ষিন খাটেৱালত অস্ত্ৰসহ আটক কুখ্যাত ডকাইত ছাহব উদ্দিন

প্ৰথম খবৰ,ৰূপহীহাটঃ ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত তাৰাবাৰীৰ দক্ষিন খাটোৱাল গাঁওত যোৱা নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি অভিযান চলাই অস্ত্ৰসহ ছাহাব উদ্দিন নামৰ কুখ্যাত ডকাইতক আটক কৰিবলৈ সক্ষম হয়৷ ধৃত ছাহাব উদ্দিনৰ পৰা আৰক্ষীয়ে এটা এছ বি এল ১২ বৰ গান,এজাই সজীৱ গুলি উদ্বাৰ কৰে৷আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰা ছাহাব উদ্দিনৰ বিৰুদ্ধে নগাঁওৰ বিভিন্ন থানাত ৰুজু হৈ আছে কেইবাটাও ডকাইতিৰ গোচৰ৷ বৰ্তমান আৰক্ষীয়ে ছাহাব উদ্দিনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close