অসম

চেঙাত আছু নেতৃত্বৰ পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন:চেঙাত সুচাৰুৰূপে আৰম্ভ মেট্ৰিক পৰীক্ষা

 চেঙাৰ পৰা মইদুল ইছলাম,প্ৰথম খবৰ:আজিৰ পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা। বৰপেটা জিলাৰ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। ইতিমধ্যে পৰীক্ষা পৰিচালনা সমিতিয়ে পৰীক্ষাৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছে। কেন্দ্ৰটোত পৰীক্ষা সুকলমে সম্পন্ন কৰিবলৈ কেইবাটাও গোপন কেমেৰা স্থাপন কৰা হৈছে ৷ চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰত এইবাৰ ৭ খন বিদ্যালয়ৰ মুঠ ৩২৩ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে। ইয়াৰে ১৪৮ জন ছাত্ৰ আৰু ১৭৫ গৰাকী ছাত্ৰী বুলি জানিব পৰা গৈছে। কেন্দ্ৰটোত চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয়,ব্যাসকুছি হাইস্কুল,মাজদিয়া হাইস্কুল,চেঙা ছোৱালী হাইস্কুল,পূৱ চেঙা হাইস্কুল,চেঙা শংকৰদেৱ শিশু নিকেতন আৰু আদৰ্শ বিদ্যালয় চেঙাৰ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে।

ইফালে মেট্ৰিক পৰীক্ষাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ প্ৰস্তুতিৰ বুজ ল’বলৈ কালি পৰীক্ষা কেন্দ্ৰটোত উপস্থিত হৈছিল সদৌ অসম ছাত্ৰ সন্থাৰ উপ সভাপতি প্ৰদীপ দাস,বৰপেটা মহকুমা ছাত্ৰ সন্থাৰ উপদেষ্টা চিন্ময় ডেকা,সাধৰণ সম্পাদক প্ৰনৱ কুমাৰ বৰ্মন,জিলা আছুৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি খনীন পাঠককে ধৰি চেঙা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়-ববীয়াৰে এটি বিশেষ প্ৰতিনিধিৰ দল। আছুৰ দলটোৱে পৰীক্ষা কেন্দ্ৰটোৰ পৰিচালক ত্ৰৈলোক্য নাথ দাস,পৰীক্ষা পৰিচালনা সমিতিৰ সভাপতি হলধৰ দেৱ,মাজদিয়া হাইস্কুলৰ ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক মতিয়ৰ ৰহমান,সহকাৰী শিক্ষক কামৰুজ জামান,সমাজকৰ্মী মকছেদ আলীৰ লগতে প্ৰাক্তন অধ্যক্ষ সত্যেন্দ্ৰ নাথ পাঠকৰ লগত পৰীক্ষা অনুষ্ঠিত সন্দৰ্ভত বিভিন্ন দিশৰ পৰ্যালোচনা কৰে ৷ পৰীক্ষাৰ্থীসকলক উষ্ম সম্ভাষণ জ্ঞাপন কৰি আছুৰ উপ-সভাপতি প্ৰদীপ দাসে জানিবলৈ দিয়া মতে দলটোৱে জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰি প্ৰস্তুতিৰ বুজ লৈছে।

Related Articles

Leave a Reply

Close