উত্তৰ পূবশীৰ্ষ

নাগালেণ্ডত অঘটন, ভোট গ্ৰহণৰ সময়তে বিস্ফোৰণ

নিউজ ডেস্ক, প্ৰথম খবৰঃ নাগালেণ্ডত ভোটগ্ৰহণ চলি থকাৰ সময়তে সংঘটিত হৈছে এক বিস্ফোৰণ কাণ্ড। মন জিলাৰ টিজি টাউনৰ ২০নং কেন্দ্ৰৰ বাহিৰত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণত গুৰুতৰভাৱে আহত হয় য়াংলং কন্যাক।

জানিব পৰা মতে, আহত ব্যক্তিজন এজন বিজেপি কৰ্মী আৰু তেওঁক ততাতৈয়াকৈ লোকজনক মন জিলাৰ নিকটৱৰ্তী এখন হস্পিটালত ভৰ্তি কৰোৱা হয়। উল্লেখ্য যে, দুষ্কৃতিকাৰীয়ে উক্ত কাণ্ডত বিস্ফোৰণৰ বাবে বটল গ্ৰেণেড ব্যৱহাৰ কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close