অসমগুৱাহাটীশীৰ্ষ

অনিল ৰাজাৰ বিৰুদ্ধে পুনৰ গোচৰ ৰকিবুলৰ

নিউজ ডেস্ক,প্ৰথম খবৰঃ কংগ্ৰেছৰ লগত বিদ্ৰোহ কৰি যেন অনিল ৰাজাই নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিলে। যোৱা কিছুদিন ধৰি ৰাজা ৰকিবুলৰ যুজঁ চলি থকাৰ মাজতে ৰাজালৈ আহিল আৰু এক দুখবৰ। প্ৰাক্তন বনমন্ত্ৰী ৰকিবুল হুছেইনে পুনৰ গোচৰ তৰিচে অনিল ৰাজাৰ বিৰুদ্ধে আৰু এইবাৰ ১০০ কোটিৰ মানহানিৰ গোচৰ কৰিছে ৰকিবুলে। ৰকিবুল হুছেইনে এই গোচৰ অতিৰিক্ত ছেছন ন্যায়াধীশৰ আদালতত কৰে, কিছুদিন আগতে ৰাজাই ৰকিবুলৰ সম্পত্তিৰ তথ্য ৰাজহুৱা কৰিছিল। ইয়াৰে পৰিপেক্ষিতত হুছেইনে ৰাজাৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰে। যোৱাকালি ৰাজিব ভৱনত ৰাজ্যসভাৰ সাংসদ গোলাম নবী আজাদৰ সম্মুখত এনএচইউআই তথা যুৱ কংগ্ৰেছ আৰু মহিলা কংগ্ৰেছে মুৰ্দাবাদ ধ্বনি দিয়াৰ পিছত এতিয়া পুনৰ মানহানিৰ গোচৰ অনিল ৰাজাৰ বিৰুদ্ধে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close