শীৰ্ষৰাষ্ট্ৰীয়

গামোচাঃ অসম বনাম অন্ধ্ৰপ্ৰদেশ

নিউজ ডেস্ক,প্ৰথম খবৰঃ ৰাজ্যত যেন থলুৱা গামোচা নিশেষ হোৱাৰ পথত। অন্ধ্ৰপ্ৰদেশৰ আমদানিকৃত গামোচাৰে ভৰি পৰিছে অসমৰ বজাৰ। যি সময়ত তাঁতশালত শিপিনীসকলে কষ্ট কৰি গামোচা বুই বজাৰত গৈ মুখঠেকেচা খাইছে সেই সময়তে আমদানীকৃত গামোচাই দখল কৰিছে অসমৰ বজাৰ। এই আমদানীকৃত গামোচা বিক্ৰী বন্ধ কৰাৰ ক্ষেত্ৰত বিজেপি দলৰ হস্ততাঁত মন্ত্ৰী ৰঞ্জিত দত্তক সৰৱ হোৱা দেখা গ’ল। তেখেতে আজি বিধান সভাত ঘোষণা কৰে যে, অচিৰেই আমদানিকৃত গামোচা অসমৰ বজাৰত নিষিদ্ধ হ’ব। আমদানীকৃত গামোচা বন্ধ কৰাৰ ক্ষেত্ৰত প্ৰশাসনক কঠোৰ পদক্ষেপ লবলৈ আহ্বান জনায় মন্ত্ৰী দত্তই।

বৰ্তমান সময়ত অসমৰ বজাৰত অন্ধ্ৰপ্ৰদেশৰ গামোচা উভৈনদী হৈ পৰিছে যি অসমৰ থলুৱা গামোচাৰ কাৰণে অশনি সংকেত বহন কৰিছে। মন্ত্ৰী ৰঞ্জিত দত্তৰ এই প্ৰচেষ্টা কিমান ফলপ্ৰসূ হ’ব সেয়া পৰৱৰ্তী সময়তহে দেখিব অসমৰ জনসাধৰণে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close