মহিলাস্বাস্থ্য

মাতৃদুগ্ধ পান কৰি শিশু শুই পৰে কিয়?

কিদৰে জানিব আপোনাৰ শিশুটিৰ ক্ষুধাৰ কথা?

স্তন পান কৰাৰ সময়ত আপোনাৰ শিশুটি শুই পৰে, এয়া স্বাভাৱিক কথা। যদিহে আপোনাৰ শিশুটি কম সময় স্তন পান কৰিয়েই শুই পৰে তেতিয়া এটা কথা স্পষ্ট হৈ পৰে আপোনাৰ শিশুটি সুস্থ আৰু খাদ্যক লৈ সন্তুষ্ট। কিন্তু বহু সময় স্তন পান কৰিও যদি শিশুটোৱে নুশুৱে তেতিয়া নিত্যান্তই যত্নৰ প্ৰয়োজন। সদ্যজাত শিশু ১৪ ৰ পৰা ১৮ ঘণ্টা শুৱাটো সু-স্বাস্থ্যৰ লক্ষণ।

স্বাস্থ্য বিশেষজ্ঞৰ মতে কিছুমান শিশুৱে পৰ্যাপ্ত পৰিমাণে গাখীৰ নাপালেও শুই পৰে। তেনে ক্ষেত্ৰত শিশুটি ভাগৰি পৰে আৰু পৰ্যাপ্ত গাখীৰৰ অভাৱত অসন্তুষ্টিত ভূগী শুই যোৱাটোকেই শ্ৰেয় বুলি ভাৱে। কিছুমান শিশু মাত্ৰ ৫ মিনিট স্তন পান কৰে আৰু পূৰ্ণতা অনুভৱ কৰে কিন্তু কিছুমান শিশু ২০ মিনিট স্তন পান কৰিও সন্তুষ্ট নহয়।

শিশুটি স্তন পান কৰি শুই পৰাৰ সময়ত যদি হাত মুঠি নামাৰি আঙুলি খোলাকৈ ৰাখে তেন্তে বুজিব শিশুটি সন্তুষ্ট। যদি শিশুটি সন্তুষ্ট নহয় তেতিয়া শুই থকা অৱস্থাত মুখত চিন্তাৰ চাপ দেখা যায় আৰু হাতৰ আঙুলি মুঠি মাৰি থাকে।

এনে লক্ষণ দেখিলে চিকিৎসকৰ সৈতে সোনকালে যোগাযোগ কৰক আৰু পৰামৰ্শ লওক।

Related Articles

Leave a Reply

Close