আন্তঃৰাষ্ট্ৰীয়বিনোদনযুৱশীৰ্ষৰাষ্ট্ৰীয়

How much is too much? প্ৰিয়া প্ৰকাশ ভেৰিয়াৰক লৈ too much কোনে কৰিছে?

নিউজ জেস্ক,প্ৰথম খবৰ: বিগত কিছুদিনৰ পৰা ইণ্টাৰনেটত ৰাজত্ব কৰিছে প্ৰিয়া প্ৰকাশ ভেৰিয়াৰে। প্ৰিয়া এগৰাকী মালায়ালম অভিনেত্ৰী। ছ’চিয়েল মিডিয়াৰ পৰা আৰম্ভ কৰি সংবাদ মাধ্যমলৈ সৰ্বত্ৰে এতিয়া প্ৰিয়াৰ মিচিকিয়া হাঁহিৰ ভিডিঅ’। দৰাচলতে এই ভিডিঅ’টো প্ৰিয়াৰ আগন্তুক ছবি “Oru Adaar Love”ৰ টিজাৰ। কিন্তু হঠাতে ভাইৰেল হৈ পৰা ১৮ বছৰ বয়সীয়া প্ৰিয়াৰ ছ’চিয়েল মিডিয়াত বৰ্তমান ফ’ল’ৱাৰ্ছৰ সংখ্যা ৩.২ মিলিয়ন।

প্ৰিয়া প্ৰকাশৰ ভিডিঅ’টোক লৈ অসন্তুস্তি প্ৰকাশ কৰিছে বিদেশী নাগৰিকে। কেৱল আপত্তি কৰাই নহয়,ভাৰতক উপলুঙা কৰি ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছে জৰ্জিয়াৰ এগৰাকী ছবি প্ৰযোজকে। ছোফিয়া গুৰেছিণ্ডজ নামৰ প্ৰযোজকগৰাকীয়ে মাত্ৰ ২৬ ছেকেণ্ডৰ ভাইৰেল হোৱা ভিডিঅ’টো শ্বেয়াৰ কৰি ভাৰতীয়ক হাঁহিছে। তেওঁ পোষ্টটো ভাৰতৰ জনপ্ৰিয় ছবি নিৰ্মাতা কৰণ জোহৰক টেগ কৰি লিখিছে-‘ভাৰত এখন এনেকুৱা দেশ য’ত কোনেও যুৱতীয়ে চকু টিপ মৰা দেখা নাই। যাৰ বাবে এনেকুৱা ভিডিঅ’ এটাক লৈ সকলো ব্যস্ত হৈ পৰিছে। এনেকুৱা যুৱতী এগৰাকীক চেলিব্ৰটী আখ্যা দিয়াটো ভাৰতীয়সকলৰ বাবে দুখঃজনক। বলীউডৰ পৰা মোৰ মেম্বাৰশ্বিপ কৰ্তন কৰিব। This is too much.

https://www.instagram.com/p/BfGxGfmh9_x/?hl=en&taken-by=sofia_gureshidze_

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close