যুৱশীৰ্ষসাহিত্য

প্ৰেমৰ চিঠি: মৰমৰ দিক্ষু, মৰমেৰে গীতালি

অনুৰণ গগৈ:

মৰমৰ দিক্ষু,

ঐ, ভালে আছাতো? তুমি কিন্তু সঁচাকৈয়ে বৰ বেয়া হৈ পৰিছা। ও… চিধাচিধি ক’বলৈ হ’লে চোৰ। মই লক্ষ্য কৰিছোঁ মোৰ বুকুৰ ভিতৰত হৃদয়খন নাই। ক’ত থৈছা তুমি চুৰি কৰি নি? এতিয়া মোৰ হৃদয়ৰ শূন্যতাত কেৱল গান। তোমাৰ গান।

তোমাৰ অভিমানী শব্দবোৰে মোৰ বুকুৰ শূন্যতাত উত্তাল তৰংগৰ সৃষ্টি কৰাৰ লগে লগে ময়ো যেন হেৰাই গৈছোঁ ক’ৰবাত। মোৰ সত্তা নতুনকৈ বিলীন হৈ গৈছে তোমাৰ সৈতে। তুমি মই একাকাৰ। মই তুমি একাকাৰ। এই যে আমি এতিয়া এক হৈ পৰিছোঁ, আমাৰ একাত্ম সত্তাত কাৰোঁ কুদৃষ্টি নপৰেতো। মোৰ বৰ ভয় হয়।

জানোঁ, তুমি কাষত থাকিলে মই অকণো ভয় কৰাৰ প্ৰয়োজন নাই। কেনে লাগে জানা, তুমিয়েই যেন পৃথিৱীৰ আটাইতকৈ শক্তিশালী ব্যক্তিজন। তুমিযে ধুনীয়া সেয়া সকলোৱে কয়, কিন্তু কেৱল ধুনীয়াই নহয়, মোৰ বাবে তুমি আটাইতকৈ শক্তিশালী ব্যক্তিজনো। এনে লাগে, মোৰ ওপৰত কাৰোবাৰ কুদৃষ্টি পৰিলেই ছাউথ ইণ্ডিয়ান হিৰোৰ দৰেই আৱিৰ্ভাৱ হৈ মষিমূৰ কৰিবা সকলোকে।

প্ৰেম কৰা নাযায়, প্ৰেম হৈ যায়- এই আপ্তবাক্য দোহাৰিবলৈ ইচ্ছা নাই, কিন্তু কি কৰিবা আমাৰোতো সেয়াই ন? মাত্ৰ এটাই সমস্যা আমাৰ প্ৰেমৰ কোণবোৰ প্ৰয়োজনতকৈ অলপ বেছি হৈ পৰিছে। তিনিটা কোণ, কি যে হ’ব! মোৰ লগৰবোৰে আমাৰ প্ৰেমক তিনিকুণীয়া নিমকি, বিংগো মেড এংগলছ আদি বিভিন্ন নামেৰে নামকৰণ কৰিছে। খঙো উঠে, ভালো লাগে। বাৰু যি নহওঁক আমাৰ প্ৰেমৰ এংগলবোৰ ষ্ট্ৰেইট লাইনলৈ কেতিয়া আহিব? আজিয়েই কোৱানা।

অতীতবোৰক লৈ বিব্ৰত হৈ পৰিছোঁ, তুমি মোক এটা সুন্দৰ বৰ্তমান দিয়ানা। ছিম্পল প্ৰেজেণ্ট নহয়, প্ৰেজেণ্ট কণ্টিনিউৱাছ। বগা গাড়ীৰ খোলা দুৱাৰেৰে সোমাই অহা অবাধ্য বতাহে উৰুৱাই দিয়া বাউলী চুলিজাকে তোমাৰ মুখত আলফুলে স্পৰ্শ কৰিবনে সদায়েই। তুমি যিয়েই নোকোৱা, মই অপেক্ষা কৰিছোঁ। উৎকৰ্ণ আৰু অধীৰ। আকৌ এবাৰ সুধিছোঁ, আমাৰ প্ৰেমৰ এংগলবোৰ ষ্ট্ৰেইট লাইনলৈ কেতিয়া আহিব?

কেৱল তোমাৰেই গীতালি

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close