অসমউত্তৰ পূববিনোদনমহিলাশীৰ্ষৰাষ্ট্ৰীয়

ভেলেণ্টাইন ডে’ৰ আগত চকু টিপ মৰা ছোৱালীৰ ভিডিঅ’ভাইৰেল,কোন এই প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ!

নিউজ ডেস্ক,প্ৰথম খবৰ: ছ’চিয়েল মিডিয়াত এইকেইদিন এটি ভিডিঅ’ই হৈ-চৈ লগাই আছে। ভিডিঅ’টোত এজন ল’ৰা আৰু এজনী ছোৱালীক চকুৰ ইংগিতত প্ৰেম নিবেদন কৰা দেখা গৈ আছে। প্ৰায় ২৬ ছেকেণ্ডৰ এই ভিডিঅ’টোত প্ৰথমতে ল’ৰাজনে চকুৰে ইংগিত কৰে যিটোৰ প্ৰত্যুত্তৰত ছোৱালীজনীয়ে চকু টিপ মাৰি দিয়ে। ইয়াৰ পিছত দুয়োজনে মুখৰ অংগীভংগী তথা চকুৰ ইংগিতৰে কথা পাতে।

আচলতে ভিডিঅ’টোৰ সত্যতা কি? দৰাচলতে এই ভিডিঅ’টো মালায়ালম ছবি “অৰো অদাৰ লাভ”ৰ হয় আৰু ভিডিঅ’টোত দেখুওৱা ছোৱালীজনীৰ নাম হ’ল প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ আৰু ছবিখন প্ৰিয়াৰ প্ৰথমখন ছবি। ছবিখন ৩ মাৰ্চ ২০১৮ ত মুক্তিলাভ কৰিব। ছবিখনৰ এটি গীত ‘মানিবিয়া মালৰায়া পুবি’ গীতটোত প্ৰিয়া প্ৰকাশে চকুৰে ইংগিত কৰে। এই গীতটো শ্বান ৰহমানে কম্পোজ কৰে আৰু সুৰ দিয়ে বিনিত শ্ৰীনিবাসনে। কেৱল ২৪ ঘন্টাত গীতটোৰ ১ মিলিয়ন ভিউজ আৰু ৫০ হাজাৰৰ অধিক লাইক পোৱা দেখা গৈছে।

ভেলেণ্টাইন ডে’ৰ সময়ত নৱ প্ৰজন্মৰ যুৱক-যুৱতীসকলে এই ভিডিঅ’টো শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ মুখ্য কাৰণ এয়াই।

কোন এয়া প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ!

‘অৰো অদাৰ লাভ’ প্ৰিয়াৰ নৱাগত ছবি। এই ছবিখনৰ গীতত নিজৰ এক্সপ্ৰেচন আৰু হাঁহিৰে কোটিজন লোকৰ হৃদয় জয় কৰি পেলাইছে কিশোৰীগৰাকীয়ে। ১৮ বছৰীয়া প্ৰিয়া কেৰেলাৰ বাসিন্দা। বৰ্তমান প্ৰিয়া থ্ৰিচুৰৰ বিমলা কলেজত বি.কম’ত অধ্যয়ন কৰি থকাৰ লগতে মডেলিং,নৃত্য আৰু অভিনয়ৰ লগত জড়িত হৈ আছে।

 

Related Articles

Leave a Reply

Close