অসমউত্তৰ পূব

এছিয়াৰ সকলোতকৈ ধনী গাওঁখন

নিউজ ডেস্ক,প্ৰথম খবৰ: এখন গাওঁ য’ৰ সকলো মানুহেই ধনী। অবিশ্বাস্য যেন লাগিলেও সেয়া সঁচা। অৰুণাচল প্ৰদেশত আছে এই বিচিত্ৰ গাওঁখন। কেতিয়াও নাম নুশুনা এখন গাওঁ। অৰুণাচলৰ টাৱাং জিলাত অৱস্থিত এই গাওঁখন, নাম বোমজা গাওঁ। বোমজা বৰ্তমান ভাৰততেই নহয়, সমগ্ৰ বিশ্বতে বিখ্যাত হৈছে যেন সাক্ষাৎ লক্ষ্মীদেৱীৰ চকু পৰিছে গাওঁখনত। গাওঁখনৰ সকলো মানুহ এদিনতে ধনী হৈছে, কোটিপতিও হৈছে। কিন্তু এয়া কেনেকৈ সম্ভৱ? আচল কথাটো হ’ল, ভাৰতীয় সৈন্যবাহিনীয়ে বোমজা গাওঁত টাৱাং ৰেজিমেণ্টৰ এটা গোট স্থাপন কৰিব বিচাৰিছিল আৰু সেই অনুসৰি অঞ্চলটোৰ সকলো মাটি ভাৰতীয় প্ৰতিৰক্ষা মন্ত্ৰালয়ে অধিগ্ৰহণ কৰিছিল। অঞ্চলটোত প্ৰতিৰক্ষা মন্ত্ৰালয়ে মুঠ দুশ একৰ মাটি অধিগ্ৰহণ কৰিছিল। সেইবোৰৰ বাবদ ক্ষতিপূৰণ হিচাপে মন্ত্ৰালয়ে ততাতৈয়াকৈ সকলোকে এক কোটিকৈ টকা দিছিল। গাওঁখনৰ ৩১  পৰিয়ালক চৰকাৰে ৪০.৮ কোটি টকাৰ চেক দিছিল। এই ৩১ পৰিয়ালৰ ২৯ পৰিয়ালে গাইপতি ১.০৯ কোটিকৈ লাভ কৰিছিল। আন দুটা পৰিয়ালৰ এটাই পাইছিল ২.৪ কোটি আৰু আনটোৱে পাইছিল ৬.৭ কোটি। এনেদৰে সমগ্ৰ বিশ্বতেই এই গাওঁখন  বৰ্তমান কোটিপতিৰ গাওঁ হিচাপে জনাজাত হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close