অসমউত্তৰ পূববিনোদনযুৱশীৰ্ষ

শিল্পীৰ দৃষ্টিত ভেলেণ্টাইন ডে’!

প্ৰথম খবৰৰ বিশেষ প্ৰতিবেদন: ভেলেণ্টাইন ডে’। প্ৰেমৰ দিৱস হিচাপে সমগ্ৰ বিশ্বই উদযাপন কৰিছে এই বিশেষ দিনটো। কিন্তু বহুতেই আপত্তি কৰে এই দিনটোক লৈ। তেওঁলোকে আপোচ কৰাৰ কাৰণ হৈছে আজিৰ যুৱ প্ৰজন্ম। ভেলেণ্টাইন ডে’ৰ নামত অশ্লীলতাক প্ৰাধান্য দিয়া বুলি বহুতেই ক’ব বিচাৰে। অৱশ্যে সকলোৰে ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয়। সকলো কথা বা বস্তুৰে এটা সীমা থাকে। সীমা অতিক্ৰম কৰিলে যিকোনো কথাই বেয়া দিশলৈ গতি কৰে।

প্ৰেম নিবেদন কৰিবলৈ এটি বিশেষ দিনৰ প্ৰয়োজনবোধ কিমান? বহুজনৰ মতে প্ৰেম স্বৰ্গীয় অনুভূতি। অনুভৱক উদযাপন কৰিব পাৰি জানো!

কোনোৱে আকৌ কয় প্ৰেমৰ দিন হিচাপে ভেলেণ্টাইন ডে’ উদযাপনৰ মাদকতাই বেলেগ। এই ক্ষেত্ৰত অসমৰ জনপ্ৰিয় তাৰকা-শিল্পীসকলৰ মতামত কি! প্ৰথম খবৰৰ সাংবাদিকৰ আগত অসমৰ বহুকেইজন শিল্পীয়ে তেওঁলোকৰ মনৰ ভাব ব্যক্ত কৰিছিল:

সুবাসনা দত্ত (কণ্ঠশিল্পী): প্ৰেমৰ নিবেদনৰ কাৰণে বিশেষ দিন থাকিব নালাগে। মোৰ কাৰণে কোনোবা বিশেষ দিন এটাত কাৰোবাক ভালপোৱা কথাষাৰ প্ৰকাশ কৰিবলগীয়া নাথাকে।

 

সীমান্ত শেখৰ (কণ্ঠশিল্পী): ভেলেণ্টাইন ডে’ উদযাপন কৰাটোক মই সমৰ্থন কৰোঁ। প্ৰেমিক-প্ৰেমিকাসকলে এই বিশেষ দিনটো উদযাপন কৰিবলৈ সুবিধা পায়। তাত আপত্তি কৰিবলগীয়া একো নাথাকে।

ৰিতিশা শৰ্মা (কণ্ঠশিল্পী): মই নাভাবো যে ‘প্ৰেম বা Love’ উদযাপন কৰিবলৈ এটা বিশেষ দিন থাকিব লাগে।

সুকন্যা ৰাজগুৰু (অভিনেত্ৰী): প্ৰেমৰ দিৱস উদযাপন কৰিবলৈ কোনো দিন নালাগে। কিন্তু যিদৰে মাদাৰ্ছ ডে’,ৱ’মেনছ ডে’ উদযাপন কৰো তেনেদৰে ভেলেণ্টাইন ডে’ উদযাপন কৰাৰ ক্ষেত্ৰত মোৰ আপত্তি নাই। কেৱল যুৱ প্ৰজন্মই ইয়াক ভালকৈ উদযাপন কৰিব লাগে।

প্ৰস্তুতি পৰাশৰ (অভিনেত্ৰী): মই এই দিনটোক গুৰুত্ব নিদিওঁ। ভেলেণ্টাইন ডে’ৰ দিনটোত যে প্ৰেম জাগি উঠে মই সমৰ্থন নকৰোঁ তেনে কথাত। বছৰটোৰ ৩৬৫ দিনেই ভেলেণ্টাইন ডে’ উদযাপন কৰিব পৰা যায় যদিহে প্ৰেম সঁচা হয়।

গুঞ্জন চৌধুৰী (অভিনেতা): মোৰ কাৰণে প্ৰতিটো দিনেই ভেলেণ্টাইন ডে’ আৰু প্ৰতিটো দিনেই উদযাপন কৰিব পাৰি। প্ৰেমৰ দিন বুলি কোনো বিশেষ দিন নাথাকে।

দেৱাশীষ বৰঠাকুৰ  (অভিনেতা): আচলতে ভেলেণ্টাইন ডে’ ভাৰতীয় পৰম্পৰা নহয়,তথাপিও সকলোৱে উদযাপন কৰে প্ৰেমৰ দিৱস বুলি। ভাল লাগে। কিন্তু সঁচা প্ৰেম হ’ল অনুভৱ,ইয়াক এদিনতে প্ৰকাশ কৰিব পৰা নাযায়।

ৰাগ ঐনিতম (অভিনেতা): ভেলেণ্টাইন ডে’ প্ৰেমৰ প্ৰতীক। আজিৰ প্ৰজন্মই এই দিৱসটি ভালদৰে পালন কৰিব লাগে,অতিৰঞ্জিত হ’ব নালাগে। ভালদৰে উদযাপন কৰিলে ইয়াত আপত্তি কৰিবলগীয়া নাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close