বিনোদনযুৱশীৰ্ষ

“Valentine’s Day” এক সঁচা প্ৰেম কাহিনী!

প্ৰেমৰ দিৱস:

ৰোমিঅ’-জুলিয়েট, লাইলা-মজনু, ডাণ্টে-বিয়েট্ৰিচৰ দৰে ইতিহাস বিজৰিত বহু যুগজয়ী প্ৰেম কাহিনীৰ সমানে Valentine’s Day ৰ আঁৰত আছে এজন ৰোমান সেনা, যাৰ নাম হৈছে ছেইণ্ট ভেলেণ্টাইন৷

দৰাচলতে ৰোমান সাম্ৰাজ্যৰ তৃতীয় শতিকাত যেতিয়া ৰোম সাম্ৰাজ্য সম্প্ৰসাৰণৰ বাবে ৰোমৰ অধিপতি সম্ৰাট ক্লোডিয়াছে সৈন্যবাহিনীত সৈন্যৰ সংখ্যা আৰু শক্তি বৃদ্ধি কৰাৰ সপোন দেখি দেশখনত প্ৰেম আৰু বিবাহ নিষিদ্ধ কৰিছিল ঠিক সেই সময়তে সম্ৰাটৰ এনে ঘোষনাক প্ৰত্যাহ্বান জনাই প্ৰেমৰ জয়গান গাব বিচৰা ৰোমান যাজক ছেইণ্ট ভেলেণ্টাইনে নিজে কেইবাগৰাকী নাৰীৰ লগত প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰাৰ লগতে বহু সৈনিক যুৱকৰো বিবাহ কাৰ্য সম্পাদন কৰিছিল৷

ছেইণ্ট ভেলেণ্টাইনৰ এনে কাৰ্যত ক্ষোভিত হৈ সম্ৰাট ক্লোডিয়াছে ভেলেণ্টাইনক কাৰাগাৰত নিক্ষেপ কৰে আৰু তেওঁৰ ওপৰত অকথ্য শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাবলৈ ধৰে৷ প্ৰেমৰ প্ৰতি ভেলেণ্টাইনৰ ধাউতি ইমানেই বেছি আছিল যে কাৰাবন্দী অৱস্থাতো তেওঁ প্ৰেম চলাই গৈছিল৷

এইজনা দুৰ্দান্ত প্ৰেমিকে অৱশেষত ২৬৯ খ্ৰীষ্টাব্দৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে মৃত্যুদণ্ডৰে দণ্ডিত হ’ব লগা হয় আৰু প্ৰেমক ৰক্ষা কৰাৰ স্বাৰ্থত নিজৰ জীৱন উচৰ্গা কৰা বাবে ছেইণ্ট ভেলেণ্টাইনৰ স্মৃতিত ১৪ ফেব্ৰুৱাৰীৰ দিনটো সমগ্ৰ বিশ্বতে Valentine’s Day অথবা প্ৰেমৰ দিন হিচাপে পালন কৰা হৈ আহিছে৷

গতিকে প্ৰেমৰ নামত Valentine’s Day ৰ প্ৰাসংগিকতা অনস্বীকাৰ্য আৰু এওঁৰ দৰে যি প্ৰেম চিৰন্তন, যি প্ৰেম আমাৰ জীয়াই থকাৰ প্ৰেৰণা সেই প্ৰেমৰ মহত্বক আমি সকলোৱে উপলব্ধি কৰা উচিত৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close