শেহতীয়া
Home / অসম / বিৰুস্কালৈ ভেলেণ্টাইন ডে’ৰ উপহাৰ

বিৰুস্কালৈ ভেলেণ্টাইন ডে’ৰ উপহাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: অনুষ্কা শৰ্মা আৰু বিৰাট কোহলী বৰ্তমান সময়ৰ সকলোতকৈ চৰ্চিত যুটি। চ’চিয়েল মিডিয়াতো এই যুটিক লৈ চৰ্চাৰ অন্ত নাই। কিন্তু শেহতীয়াকৈ, এই যুটি অন্য এক কাৰণৰ বাবেহে চৰ্চালৈ আহিছে। খবৰ অনুসৰি, এই চৰ্চাৰ কাৰণ হৈছে অনুষ্কাৰ পিতৃ। ভেলেণ্টাইন ডে’ত এইবাৰ অনুষ্কাৰ পিতৃয়ে বিৰুষ্কাক এটা বিশেষ উপহাৰ দিব। কিন্তু কি এই উপহাৰ?

এখন কিতাপ! তেজস্বিনী দিব্যা নাইকে লিখা এখন প্ৰেমৰ কবিতাৰ কিতাপ। কিছুদিন পূৰ্বে, অনুষ্কাৰ পিতৃ অৱসৰপ্ৰাপ্ত কৰ্ণেল অজয় শৰ্মাক বান্দ্ৰাত কিতাপৰ এক শুভমুক্তি অনুষ্ঠানত দেখা গৈছিল আৰু সেই অনুষ্ঠানতেই তেওঁ কিতাপখন বিৰুস্কাক দিব বুলি নিশ্চিত হৈছিল। উল্লেখ্য, বিয়াৰ পিছত বিৰাট-অনুষ্কাৰ এয়া হ’ব প্ৰথম ভেলেণ্টাইন কিন্তু খবৰ অনুসৰি উক্ত দিনটোত দুয়ো নিজৰ নিজৰ কামত ব্যস্ত থকাৰ বাবে পৰস্পৰে পৰস্পৰক সময় দিব নোৱাৰিব। বৰ্তমান অনুষ্কা নিজৰ আহিবলগীয়া ছবি ‘পৰী’ৰ কামত ব্যস্ত থকাৰ বিপৰীতে বিৰাট ব্যস্ত আছে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা শৃংখলাত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*