শেহতীয়া
Home / বিনোদন / প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ এক আলোড়ন!

প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ এক আলোড়ন!

ছফিক আহমেদৰ বিশেষ প্ৰতিবেদন, প্ৰথম খবৰ: প্ৰিয়া প্ৰকাশ ৱেৰিয়াৰ সকলোতে এই নাম যেন এক উৎকন্ঠা,শিহৰণ,আলোড়ন। এটা মাত্ৰ চকু টিপ আৰু সমগ্ৰ ভাৰত তথা বিশ্ব পাগল ২৬ ছেকেণ্ডৰ ভিডিঅ’ আৰু ৰাতিটোৰ ভিতৰতে ছোৱালীজনী চুপাৰষ্টাৰ। এতিয়া কথা হ’ল আমাৰ ভাৰতবৰ্ষৰ মানুহৰ মানসিকতাৰ আমাৰ সন্মুখত ৰাষ্টাত এজন মানুহ দুৰ্ঘটনা হৈ পৰি থাকে কিন্তু তেখেতক উদ্ধাৰ কৰিব এৰি চেল্ফি ল‌ওঁ বা এজন ভোকাটুৰক আহাৰ খোৱাব এৰি বস্ত্ৰহীনক বস্ত্ৰ পৰিধান কৰিব এৰি আমি নিজকে মডাৰ্ণ যুগৰ বুলি জাহিৰ কৰি ফুৰো। কিন্তু কথা সেইটো নহয় কথা হ’ল সীমান্তত সন্ত্ৰাসবাদীয়ে দেশৰ সেনা তথা সেনাৰ পৰিয়ালৰ ওপৰত আক্ৰমণ কৰি আছে সেইয়া যেন আমাৰ কাৰণে গুৰুত্বপূৰ্ণ নহয়,কিন্তু এজনী ছোৱালীয়ে চকু টিপ মৰা ভিডিঅ’ক লৈ এতিয়া দেশ উত্ৰাৱল এয়াই নেকি আমাৰ মানসিকতা এইয়াই নেকি দেশপ্ৰেম!

Leave a Reply

Your email address will not be published. Required fields are marked *

*